নগাঁৱৰ আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
সমাজ জীৱনৰ লগত জড়িত ৪৪ গৰাকী বিশিষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা
নগাঁও,৬ মে’ :চিত্ৰ ভাস্কৰ্য্যৰ ক্ষেত্ৰত বিভিন্ন সময়ত নগাঁও জিলালৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা অগ্ৰৰ্ণী চিত্র-ভাস্কৰ্য্যৰ শিক্ষানুষ্ঠান আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী আৰু বিশিষ্ঠ ব্যক্তিক সম্বৰ্ন্ধনা অনুষ্ঠানটি কালি দিনযোৰা কাৰ্যসূচীৰে নগাঁৱৰ বেঙ্গালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় ।আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্রীসকলে পৰিৱেশন কৰা ভূপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানৰ শুভাৰাম্ভণি কৰাৰ পিচতে আমন্ত্রিত ব্যক্তি সকলৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কৰা হয় | উক্ত অনুষ্ঠানতে বিভিন্ন দিশত শ্ৰেষ্ঠতা অৰ্জনকাৰী ছাত্র-ছাত্রী সকলক বিশেষকৈ আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ দ্বাৰা পৰিচালিত অৱলাদেৱী প্ৰাথমিক বিদ্যালয় আৰু নগাঁও বাঙ্গালী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অৱস্থিত দুয়োখন বিদ্যালয়ৰে প্ৰতিটো শ্ৰেণীৰ প্ৰথম,দ্বিতীয়,তৃতীয় স্থান প্ৰাপ্ত ছাত্র-ছাত্রী সকলক পুৰস্কৃত কৰা হয় ।প্ৰথম স্থান প্ৰাপ্ত ছাত্র-ছাত্রী সকল ক্ৰমে-ৰিম্পী দাস,কুৰবান আলি,অভিস্মিতা গোস্বামী,ৰনবীৰ দাস,অম্লান জ্যোতি দাস,স্নেহা বৰা,নিপজ্যোতি বৰদলৈ,বিশাল দাসক পুৰস্কৃত কৰা হয়। চুড়ান্ত বৰ্ষৰ শ্ৰেষ্ঠ ছাত্র বঁটা বিশাল দাস,বৰ্ষৰ শ্ৰেষ্ঠ সচেতন বঁটা অভিজিৎ দাস,শ্ৰেষ্ঠ চিত্রকৰ বঁটা পুনম দাস,শ্ৰেষ্ঠ ৰং বঁটা হিতেশ দত্ত,শ্ৰেষ্ঠ ভাস্কৰ্য্য বঁটা তৃষা দত্তলৈ আগবঢ়োবা হয় । এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ শ্ৰেষ্ঠ ছাত্র বঁটা ত্রিবেণী বৰা,বৰ্ষৰ শ্ৰেষ্ঠ সচেতন বঁটা অনিশা শৰ্মা,শ্ৰেষ্ঠ চিত্রকৰ বঁটা প্ৰাপ্তি গোস্বামী,শ্ৰেষ্ঠ ভাস্কৰ্য্য বঁটা ৰশ্ৰয়িতা দাস,শ্ৰেষ্ঠ ৰং বঁটা প্ৰেৰ্নাজ শ্ৰীৰ্নলৈ আগবঢ়োবা হয় ।বছৰটোত শতকৰা এশ শতাংশ শ্ৰেণীত উপস্থিত থকা আৰু তত্বত এশ নম্বৰ লাভ কৰা ছাত্র-ছাত্রী সকলকো বঁটা আগবঢ়োবা হয় । ৰাজ্যিক ভিত্তিক চিত্রাংকন প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি স্কুললৈ সুনাম কঢ়িয়াই অনাৰ বাবে ৰনবীৰ দাস আৰু পৰিস্মিতা দত্তক বিশেষ বঁটা আগবঢ়োবা হয় ।ইফালে ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষক-শিক্ষয়িত্রীৰ বঁটা লাভ কৰে ক্ৰমে- অৰিজিত দাস,দ্বীপজ্যোতি দাস,প্ৰিয়া সাহা,মধুছন্দা দে,মন্দিৰা সাহা আৰু কংকনা দেৱে।|উক্ত অনুষ্ঠানত বিশিষ্ট আমন্ত্রিত অতিথি হিচাবে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত অশ্বিনী কুমাৰ দলে,উপ-পৌৰপতি মৃনালিনী ৰয়,কৃতি শিক্ষক ৰবীন্দ্ৰ চন্দ্ৰ দাস,অধিবক্তা মুহিবুদ্দিন আহমেদ,অধ্যাপক চিন্তামনি শৰ্মা,চিত্রশিল্পী টিকেন্দ্ৰজিৎ শইকীয়া,বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ন মজুমদাৰ,ৰূপৰঞ্জন দাস,নাট্যকাৰ ৰনদ্বীপ নন্দীকে ধৰি নগাঁৱৰ সমাজ-জীৱনৰ লগত জড়িত সৰ্ব্বমুঠ ৪৪ গৰাকী ব্যক্তিক ফুলাম গামোছা,জাপিৰে সম্বৰ্ধনা জনোবা হয় | আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসৰ লগতে শিক্ষয়িত্রীদ্বয় স্নিগ্ধা ভট্ট দাস আৰু প্ৰিয়ংকা দাসৰ নেতৃত্বত পৰিৱেশিত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সফল সামৰণী পৰে ।