Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট সমাপ্ত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট সমাপ্ত

নগাবন্ধাত সদৌ অসম প্ৰাইজমানি ক্ৰিকেট সমাপ্ত
: মৈৰাবাৰী ভিক্ট’ৰিয়া ক্লাৱ চেম্পিয়ন

মৰিগাঁও জিলাৰ নগাবন্ধা মিনি ষ্টেডিয়ামত ইয়ং ষ্টাৰ ক্লাৱ অাৰু নগাবন্ধা গ্ৰাম্য অাৰ্থ সামাজিক উন্নয়ন সংঘৰ উদ্যোগত অনুষ্ঠিত ১৯ সংখ্যক সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাত মৈৰাবাৰীৰ ভিক্ট’ৰিয়া ক্লাৱে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে।এই প্ৰতিযোগিতাৰ কালি(দেওবাৰ)ৰ ফাইনেলত মৈৰাবাৰীৰ ভিক্ট’ৰিয়া ক্লাৱে জাগীৰোডৰ চেনিমাৰী ষ্টাৰ ক্লাৱক ১০ ৰাণত পৰাজিত কৰে। খেলখনত মৈৰাবাৰীৰ ভিক্ট’ৰিয়া ক্লাৱে পোনতে বেট ধৰি নিলোৎপল দাসৰ ৬৯ , ৱাচিম অাহমেদৰ ৪৬ অাৰু শ্বামিম অাহমেদৰ ৩২ ৰাণৰ উল্লেখনীয় অৱদানৰে ২০ অভাৰত ছটা উইকেটৰ বিনিময়ত ২০১ ৰাণ সংগ্ৰহ কৰে। বলিঙত চেনিমাৰী ষ্টাৰ ক্লাৱৰ হৈ শৈলেশ বৰা অাৰু নজমুল হকে দুটাকৈ তথা ৰাহুল দাসে এটা উইকেট পায়। প্ৰত্যুত্তৰত চেনিমাৰী ষ্টাৰ ক্লাৱে পিংকু অাহমেদৰ ৪০ , শৈলেশ বৰাৰ ৩৮ অাৰু মনোৱাৰ হুছেইনৰ ২৮ ৰাণৰ উল্লেখনীয় বৰঙনিৰে ২০ অভাৰত অাঠটা উইকেট হেৰুৱাই ১৯১ ৰাণহে কৰিবলৈ সক্ষম হয়। বলিঙত ভিক্ট’ৰিয়া ক্লাৱৰ হৈ নিলোৎপল দাসে চাৰিটা, ৱাছিম অাহমেদে দুটা, বিতু দাস অাৰু শ্বেখ অাব্দুল্লাই এটাকৈ উইকেট হস্তগত কৰে। খেলখনৰ অাম্পায়াৰদ্বয় অাছিল নজৰুল ইছলাম অাৰু অাব্দুল জলিল। প্ৰতিযোগিতাৰ অন্তত সামৰণি অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ডা: ইয়াকুব মোল্লা, মহৰ অালী, শ্বামিম হাছান, বিশিষ্ট ক্ৰীড়া সংগঠক অালামুল ইয়াকিন এলড্ৰিন, হবিবুৰ ৰহমান ছিদ্দিকি, সমীৰ হাজৰিকা ,দেৱব্ৰত বৰা, মাচ্চুদ অালম, অাব্দুল মুনিন ফাৰুকী, লিলুফা খাতুন, ইশ্বাহক অালী , মাইনুল হক চৌধুৰী অাদি উপস্থিত থাকি বিভিন্ন বঁটাসমুহ বিতৰণ কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩২ টা দলে যোগদান কৰা এই প্ৰতিযোগিতাখনিৰ অায়োজনত সহায় কৰে মৰিগাঁৱৰ টাটা কচ’ম পলিটান অট’, অাপোন মছলা অাৰু অালম ডায়’গনেষ্টিকছ অাদিয়ে বুলি অায়োজক সমিতিৰ বিষয়ববীয়া নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে। উল্লেখ্য যে, ভিক্ট’ৰিয়াৰ নিলোৎপল দাস ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ অাৰু বিতু দাস প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ ৰূপে বিবেচিত হয়।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *