Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নগৰিকত্ব সংশোধনী আইন ( কা) বাতিল, গণতন্ত্ৰ ৰক্ষা আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ দাবীত চি পি আই ( এম-এল) ৰ প্ৰচাৰ অভিযান

নগৰিকত্ব সংশোধনী আইন ( কা) বাতিল, গণতন্ত্ৰ ৰক্ষা আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ দাবীত চি পি আই ( এম-এল) ৰ প্ৰচাৰ অভিযান

 

ষ্টাফৰিপোৰ্টাৰ , ২৬ ফেব্ৰুৱাৰী : নগৰিকত্ব সংশোধনী আইন ( কা) বাতিল, গণতন্ত্ৰ ৰক্ষা আৰু জীৱন-জীৱিকাৰ অধিকাৰৰ দাবীত চি পি আই ( এম-এল) য়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিব- বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আই (এম এল) ৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা সদৰী কৰে চি পি আই (এম এল) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিবেক দাসে। তেওঁ লগতে কয় ” নগৰিকত্ব সংশোধনী আইন ( কা) হৈছে দেশৰ স্বাধীনতা সংগ্ৰামৰ ফচল সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত আক্ৰমণ আৰু ধৰ্মনিৰপেক্ষ তা, সামাজিক ন্যায়, ৰাজনৈতিক অধিকাৰৰ গেৰাণ্টিৰ ভিত্তিত সংবিধানে দেশৰ নাগৰিকক প্ৰদান কৰা বিনয়াদী প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিৰোধী। এই আইন খনে ঐতিহাসিক অসম চুক্তিক নাকচ কৰিছে।অসমীয়া জাতিৰ ভাষা, সাহিত্য, সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে আৰু ৰাজ্যখনৰ জনগাঁথনি বিন্যাসৰ পৰিবৰ্তন ঘটাই অসম8 ৰাইজৰ ৰাজনৈতিক অধিকাৰকো নি:শেষ কৰিব। এই আইন হৈছে ভাৰতক। হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বিজেপি-আৰ এছ এছ কৰ্মসূচী আৰু আমি এই আচঁনিক প্ৰতিৰোধ কৰিবই লাগিব। নিবনুৱা বৃদ্ধিয়ে হৈছে এই চৰকাৰ খনৰ নিয়োগ নীতি। কৰ্পোৰেট তথা বনিয়া গোষ্ঠীৰ স্বাৰ্থই হৈছে চৰকাৰখনৰ স্বাৰ্থ। এন পি আৰ ৰূপায়ণে ৰাজ্যৰ সদ্য সমাপ্ত এন আৰ চিক নাকচ কৰিব আৰু ই হৈছে নতুন ৰূপত এম আৰ চি পুনৰীক্ষণ কৰাৰ ষড়যন্ত্ৰ। ইয়াক যিকোনো মূল্যৰ বিনিময়ত প্ৰতিৰোধ কৰিবলৈ আমি ৰাইজক আহ্বান জনালোঁ। লগতে ডিটেনছন কেম্পসমূহ উঠাই দিয়া আৰু কেম্পত মৃত্যু হোৱা পৰিয়াল সমূহক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনালোঁ। আমি লগতে এখন ঐক্যবদ্ধ নতুন গণতান্ত্ৰিক অসম নিৰ্মাণৰ সংগ্ৰামক আগুৱাই নিবলৈ ৰাইজলৈ আহ্বান জনালোঁ। গংগাৰাম ক’লৰ হত্যাকাৰীক কৰায়ত্ত কৰি ন্যায় প্ৰদান কৰাৰ দাবী জনালোঁ।” সংবাদ মেল যোগে চি পি আই এম এলৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰুবুল শৰ্মাই কয় ” আমি নগাঁৱ আৰু কাছাৰ কাগজ কলৰ শ্ৰমিকৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰা, চাহ-শ্ৰমিকৰ দৈনিক ৩৫১ টকা মজুৰি আৰু যোৱা তিনি বছৰে শ্ৰমিকৰ প্ৰাপ্য বৰ্দ্ধিত মজুৰি চৰকাৰে অদ্যায় দিয়া, চাহ শ্ৰমিকৰ বাবে উপযুক্ত শিক্ষা-স্বাস্থ্যৰ নিশ্চয়তা প্ৰদান কৰা, মাইক্ৰফাইনেঞ্চৰ ঋণ ফান্দৰ বলি হোৱা মহিলা সকলৰ সকলো ঋণ মুকুৰ কৰা আৰু জীৱিকাৰ ব্যৱস্থা কৰা, ভূমিহীন, গৃহহীন গ্ৰামীণ নিবনুৱা সকলৰ ৰাষ্ট্ৰীয় পঞ্জীয়ন কৰি, ভূমি, আবাসগৃহ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা, গ্ৰামঞ্চলত প্ৰতিটো পৰিয়ালক ১০০ ইউনিট বিদ্যুৎ মাচুল বিনামূলীয়া কৰা, ৰন্ধন গেছৰ দাম আধা কৰা, ৰাষ্ট্ৰীয় গ্ৰাম্য আজীৱন অভিযান আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটসমূহক দহ লাখ টকাকৈ প্ৰদান কৰা, কৃষকৰ ভূমিৰ অধিকাৰ প্রদান কৰাৰ দাবী জনালোঁ । এই পৰিলক্ষিতত আমি ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৫ মাৰ্চলৈ আহ্বান জনোৱা প্ৰচাৰ অভিযান সফল কৰি তুলিবলৈ সকলো সংগ্রামী ৰাইজৰ প্ৰতি আহ্বান জনালোঁ। এই অভিযান ২৫ মাৰ্চত জনপ্ৰিয় শ্ৰমিক নেতা গাংগাৰাম ক’লৰ অষ্টম শ্বহীদ দিৱসত গণ বিক্ষোভ, প্ৰতিবাদ সমদল, ঘেৰাও, সমাবেশ আদি কাৰ্যসূচীৰ জৰিয়তে সামৰণি পৰিব।” সংবাদমেলত চি পি আই (এম এল) ৰ অসম ৰাজ্যিক সমিতিৰ সদস্য পংকজ কুমাৰ দাস আৰু নৰেণ বৰা উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *