Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজকুমাৰী”ৰ বেনাৰ আৰু টিজাৰ মুকলি

নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজকুমাৰী”ৰ বেনাৰ আৰু টিজাৰ মুকলি

 

ষ্টাফৰিপোৰ্টাৰ, ১২ জানুৱাৰী : হীৰামন প্ৰডাকচনৰ প্ৰথম নিবেদন নতুন অসমীয়া চলচ্চিত্ৰ “ৰাজকুমাৰী”ৰ বেনাৰ আৰু টিজাৰ দেওবাৰে মুকলি কৰা হয়। এই উপলক্ষে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত এই চলচ্চিত্ৰ খনৰ বেনাৰ মুকলি কৰি বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওৱে কয় ” অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ এতিয়া প্ৰডাকচনত নামিছে। মই প্ৰস্তুতিক মৰম আৰু আশীৰ্বাদ জনালোঁ। মহাৰাণী চলচিত্ৰ খন এখন সফল চলচ্চিত্ৰ হিচাপে বিবেচিত হ’ব বুলি আশা কৰিলোঁ। এই চলচ্চিত্ৰ খনৰ সৈতে জড়িত সকলোকে অভিনন্দন জনালোঁ।” এই অনুষ্ঠানত চলচ্চিত্ৰ খনৰ টিজাৰ মুকলি কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক বিষ্ণু কমল বৰাই কয় ” ৰাজকুমাৰী ‘এখন পৰিয়াল উপভোগ্য চলচ্চিত্ৰ হিচাপে বিবেচিত হ’ব বুলি আশা কৰিলোঁ। চলচ্চিত্ৰ খনৰ সুন্দৰকৈ শ্বুটিং হ’ব বুলি আশা কৰিলোঁ। চলচ্চিত্ৰ খন সুন্দৰ সাংস্কৃতিবান হ’ব বুলি আশা কৰিলোঁ। অভিজিত ভট্টাচাৰ্য্য
চলচ্চিত্ৰ খন কাহিনী, সংলাপেৰে সজাইছে গতিকে চলচিত্ৰ খন সুন্দৰ হ’ব বুলি আশা কৰিলোঁ।” এই অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাস, চন্দ্ৰ মুদৈ, হেমেন দাস, বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মা আদি বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। ইন্দ্ৰজিত দাসে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে শৈলেন গগৈ আৰু তেওঁৰ সংগীবৃন্দই বিহু নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত অভিনেত্ৰী তথা চলচ্চিত্ৰ খনৰ পৰিচালক প্ৰস্তুতি পৰাশৰে কয় ” অভিজ্ঞতা বোৰক পুষ্ট কৰি সপোনে বাঁহ লয়। সপোনৰ প্ৰতিফলন এই “ৰাজকুমাৰী’। চলচ্চিত্ৰ খনৰ এপ্ৰিল, মে মাহত শ্বুটিং আৰম্ভ কৰা হ’ব। ৰাজকুমাৰী এটা মিঠা পাৰিবাৰিক কাহিনী। দৰ্শকে চলচ্চিত্ৰ খন আদৰি ল’ব বুলি আশা কৰিলোঁ। চলচ্চিত্ৰ খন ত অৰুণ নাথ, উৎপল দাস, ৰিম্পী দাস, অপৰ্ণা দত্ত চৌধুৰী, বিভূতি ভূষণ হাজৰিকা, প্ৰীতম বৰুৱা, সুকুমাৰ বৰ্মন, কোকিল শইকীয়া আদিয়ে অভিনয় কৰিছে। চলচ্চিত্ৰ খন সংগীতেৰে সজাইছে অজয় ফুকনে, সম্পদনা সমুজ্জল কাশ্যপৰ। সহযোগী পৰিচালক চিত্তৰঞ্জন পৰাশৰ।” অভিনেত্ৰী গৰাকীয়ে শিল্পীৰ জি এছ টি সম্পৰ্কত কয় ” এই বিষয়টো স্পৰ্শকাতৰ। কাৰ বিৰোধীতা প্ৰতিজন শিল্পীয়ে কৰিছে আৰু অনাগত সময়ত কৰিব। এই সময়ত জি এছ টি ৰ প্ৰসংগ অনাত আমাৰ সন্দেহ জন্মিছে। আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত ভৰসা আছে। অসমীয়া ৰাইজে যাতে এটা ভাল খবৰ পায় তাৰ বাবে আশাবাদী। ” চলচ্চিত্ৰ খনৰ প্ৰয়োজক গুনজিত বৰ্মনে চলচ্চিত্ৰ খনক লৈ আশাবাদী বুলি কয়। অনুষ্ঠানত চলচ্চিত্ৰ খনৰ কলা কুশলী সকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

চিৰসেউজ অভিনেতা বিজু ফুকনৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : চিৰসেউজ অভিনেতা বিজু ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।দুটা বছৰহে পাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *