Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নতুন দিল্লীত ২৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত থকা হিংসাত্মক ঘটনাৰ অসম যাতে পুনৰ নহয় তাৰ বাবে আৰক্ষী সষ্টম

নতুন দিল্লীত ২৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত থকা হিংসাত্মক ঘটনাৰ অসম যাতে পুনৰ নহয় তাৰ বাবে আৰক্ষী সষ্টম

ষ্টাফৰীপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : নতুন দিল্লীত ২৩ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত থকা হিংসাত্মক ঘটনাৰ পিছত অসমতো তেনেধৰনৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াত আৰম্ভ কৰিছে ভুৱা সংঘৰ্ষৰ ফটো,ভিডিও শ্বেয়াৰ ৷ অসমতো অশান্ত পৰিবেশ সৃষ্টি কৰাৰ বাবে এটা চক্ৰই চলাই আছে ব্যাপক হাৰত অপপ্ৰচাৰ ৷অসম আৰক্ষীয়ে এনে অপপ্ৰচাৰ ৰোধৰ বাবে জাৰি কৰিছে নিৰ্দেশনা ৷ যি সকল লোকে দায়িত্বহীন ভাৱে যিকোনো কথা ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি আছে  তেনে লোকসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা ৷ বিশেষকৈ একাংশ লোকে নতুন দিল্লীত সংঘটিত হোৱা বুলি পুৰণি ভিডিও প্ৰচাৰ কৰিছে ছচিয়েল মিডিয়াত ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিছে যে যি সমূহ ভিডিঅ’ নতুন দিল্লীত সংঘটিত হৈছে বুলি প্ৰচাৰ কৰিছে সেই ধৰনৰ ঘটনা নতুন দিল্লীত সংঘটিত হোৱা নাছিল ৷নতুন দিল্লী আৰক্ষী স্পষ্টীকৰণৰ পিচতে কামৰূপ আৰক্ষীয়ে এনে ভুৱা ভিডিঅ’ ভাইৰেল কৰা লোকক ধৰা পেলাবলৈ ছচিয়েল মিডিয়াৰ জৰিয়তে আৰম্ভ কৰিছে সজাগতা ৷ কামৰূপ আৰক্ষীৰ ছচিয়েল মিডিয়া পেজত দিয়া হৈছে সজাগতাৰ বাবে দিছে পোষ্ট ৷ পোষ্টটোত আৰক্ষীয়ে সাধাৰন ৰাইজক এনেধৰণৰ ভিডিঅ’ দেখি ভোল নাযাবলৈ আহ্বান কৰা হৈছে ৷ কোনো লোকে যদি এনে পোষ্ট দেখে তেন্তে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষকক 9435041357, DSP(HQ) 9864039133, SDPO ৰঙিয়াক 8812917412 নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান কামৰূপ আৰক্ষীৰ ৷

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *