Monday , August 26 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

নতুন ৰাজ্যিক চলচ্চিত্ৰ নীতিক আদৰণি অসমৰ চলচ্চিত্ৰ সমাজৰ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২৫ জুলাই।।। ৰাজ্যৰ চলচ্চিত্ৰ জগতৰ দীর্ঘদিনীয়া দাবী অসম চলচ্চিত্ৰ নীতিক অনুমোদন জনালে ৰাজ্য চৰকাৰৰ কেবিনেটে। বুধবাৰে নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলত আয়োজন কৰি চৰকাৰৰ এই ইতিবাচক সঁহাৰিৰ বাবে মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক ধন্যবাদ জনায় চলচ্চিত্ৰ সমাজে। সংবাদমেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা সংগীত পৰিচালক ডাঃ হীতেশ বৰুৱাই কয়-“অসমীয়া চলচ্চিত্ৰ জগতৰ ৪০ বছৰীয়া সপোন পূৰণ হোৱাৰ পথত। আজি আমাৰ বাবে অতি আনন্দৰ দিন। এই নীতিৰ জৰিয়তে চলচ্চিত্ৰ জগতক অধিক আগুৱাই নিব পাৰিম।” আনহাতে, এই সন্দৰ্ভত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে কয়”- আমি বিগত ৪০ বছৰে বহুত যুদ্ধ কৰিছিলোঁ। চিনেমা হ’লৰ ক্ষেত্ৰত চৰকাৰে উত্তম সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ দায়িত্ব আগতকৈ বাঢ়িব যাতে, দৰ্শকক আমি এখন ভাল চিনেমাৰ সোৱাদ দিব পাৰো। উল্লেখযোগ্য যে,  ২২ জুলাইত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত অসম চলচ্চিত্ৰ নীতি ২০১৯’ ক অনুমোদন জনোৱা হয় আৰু এই চলচ্চিত্ৰ নীতিত অসমীয়া ছবি নিৰ্মাণত ২৫ শতাংশ ৰাজ সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে আৰু সেই অনুসৰি ১ কোটি টকা ব্যয়েৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিলে প্ৰযোজকে ২৫ লাখ টকা ৰাজ সাহায্য লাভ কৰিব। আজিৰ সংবাদমেলত উপস্থিত থাকে পৰিচালক ৰাজেশ ভূঞা, অভিনেতা ৰবি শৰ্মা, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

গ্ৰাম্য জীৱনৰ কাহিনীৰে আহি আছে চুটি ছবি “মই ভাগৰা নাই”

  ষ্টাফ ৰিপোৰ্টাৰ,,,,।।। ১৭ জুন, গ্ৰাম্য জীৱনৰ এক সংগ্ৰামৰ কাহিনীৰে ভৰপূৰ ইউটিউব চেনেল” পেৰেডাইজ থ্ৰী …

Leave a Reply

Your email address will not be published. Required fields are marked *