Thursday , September 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / নতুন ৰূপত ম’ৰুঙ সাত ভনীৰ খাদ্য সম্ভাৰৰ সংযোজন “ম’ৰুঙ’ত

নতুন ৰূপত ম’ৰুঙ সাত ভনীৰ খাদ্য সম্ভাৰৰ সংযোজন “ম’ৰুঙ’ত

 

ষ্টাফৰিপৰ্টাৰ, ২০ আগষ্ট : গুৱাহাটীৰ ৰাজগড়ৰ ৰাজগড় প্লাজাস্থিত “ম’ৰুঙ”ৰেস্তোৰাঁই নতুন ৰূপত খাদ্য ৰসিকক আদৰিবলৈ সাজু হৈছে। এতিয়াৰ পৰা ম’ৰুঙত খাদ্য ৰসিকে সাত ভনীৰ খাদ্য সম্ভাৰৰ জুতি ল’ব পাৰিব। ৰেস্তোৰাঁখনে মঙলবাৰে খাদ্য ৰসিকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খাদ্যৰ সংযোজন ঘটাই মুকলি কৰে ” সাত ভনীৰ থালী” । এই উপলক্ষে মঙলবাৰে ৰেস্তোৰাঁখনত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে ৰেস্তোৰাঁখনৰ স্বত্বাধিকাৰী ৰুদ্ৰ ডেকাই। তেওঁ লগতে কয় “ম’ৰুঙে” খাদ্য ৰসিকৰ বিশেষ সঁহাৰি লাভ কৰি সাত বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে। এই উপলক্ষে “ম’ৰুঙে” নতুনকৈ ” সাত ভনীৰ থালী” মুকলি কৰিছে। এই থালীত থাকিব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰা অন্যতম খাদ্য সম্ভাৰ।” ৰেস্তোৰাঁখনৰ আন এজন অংশীদাৰ অৰিন্দম ভাৰ্গৱে সংবাদমেল যোগে কয় ” “বৰ্ত্তমান সময়ত পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা খাদ্য সমূহৰ বজাৰত অধিক চাহিদা বৃদ্ধি পাইছে । “সাত ভনীৰ থালী এ”, ৰাইজক নতুন সোৱাদ দিব বুলি আশা কৰিছোঁ। এই থালীৰ মূল্য হৈছে মাত্ৰ ৩৯৯ টকা। দেশী-বিদেশী সকলো পৰ্যটক অথবা খাদ্যৰসিকে ৰেস্তোৰাঁত আটাইখিনি সোৱাদ ল’ব পাৰিব।” সংবাদমেলত উপস্থিত থাকি ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্য্যবাহী সঞ্চালক ডঃ অমিয় কুমাৰ শৰ্মা, নেডফিৰ উপ- মহাপ্ৰবন্ধক মনোজ কুমাৰ দাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিশেষজ্ঞ ডা‌‌‌‌‌০ সীমান্ত তালুকদাৰ, উদ্যোগী সত্যেন মহন্ত, অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল প্ৰাধিকাৰী টেজাছ মৰিস্বামী,সু লেখিক প্ৰজ্ঞা, আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি “সাত ভনীৰ থালী” মুকলি কৰে।
ইয়াৰ লগতে “বৰ্ত্তমান সময়ত চলি থকা খাদ্য সম্ভাৰৰ ধাৰা” শীৰ্ষক এখন আলোচনা চক্ৰও আয়োজন কৰা হয়। ইয়াত আমন্ত্ৰিত বিভিন্ন বিশিষ্ট ব্যক্তিৰ বিভিন্ন মত লোৱা হয় আৰু পৰম্পৰা গত খাদ্য সম্ভাৰক কিদৰে আগুৱাই নিব পাৰি সেই বিষয়ে আলোকপাত কৰা হয়। উল্লেখ এই খাদ্য সম্ভাৰত অৰুণাচল সিজোৱা কুকুৰা মাংস মেজেঙাৰ সৈতে, অসমৰ মাছৰ টেঙা, দাইল, গুটি আলু ভাঁজি, পচলা, শাক, খাৰ, মণিপুৰৰ কলা চাউলৰ পায়স, নগালেণ্ডৰ বাঁহৰ গাজেৰে গাহৰিৰ মাংস, ত্ৰিপুৰাৰ গুডক, মিজোৰামৰ বাই আদি থাকিব।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *