Tuesday , November 20 2018

নদুৱাৰত হাজাৰ টকাৰ বাবেই দুই ভাতৃয়ে হত্যা কৰিলে দাদু মুণ্ডাক

নদুৱাৰঃ এপ্ৰিল : নদুৱাৰ অন্তৰ্গত ১নং বাটমাৰিত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে, আজি পুৱা ১নং বাটমাৰিৰ পথাৰত পুতি থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ১নং বাটমাৰিৰ  দুই ভাতৃয়ে মিলি এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণি মতে, ২নং বাটমাৰি নিবাসী দাদু মুণ্ডা (৪০)নামৰ ব্যক্তিগৰাকীক  ১নং বাটমাৰিৰ  তুফান মুণ্ডা আৰু সুধন মুণ্ডা নামৰ দুই ভাতৃদ্বয়ে যোৱা ২৬ এপ্ৰিলৰ সন্ধ্যা ঘৰলৈ মাতি নিয়াৰে পৰা নিৰুদ্দেশ  হৈ পৰে। পাছত পৰিয়ালৰ লোকে দাদু মুণ্ডাৰ কোনো সম্ভেদ নাপায় স্থানীয় জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে দাদু মুণ্ডাৰ পত্নীয়ে । জামুগুৰি আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰি ১নং বাটমাৰি তুফান মুণ্ডাক আটক কৰি সোধ পোছ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দাদু মুণ্ডাই তুফান মুণ্ডাৰ পৰা আদায় পাবলৈ থকা ৫ হাজাৰ টকা আনিবলৈ যাওঁতেই তুফান আৰু সুধন দুই ভাতৃয়ে মিলি দাদু মুণ্ডাক নিজ বাসগৃহত কোঠাৰৰে মৰিয়াই নৃশংস ভাৱে হত্যাকৰি ওচৰৰে পথাৰত পুতি থয়। আজি সমগ্ৰ ঘটনা আৰক্ষীয়ে অৱগত হৈ হত্যা কাৰিক তুফান আৰু সুধনক লগত লৈ পথাৰৰপৰা পুতি থোৱা অৱস্থাত মৃতদেহ টো উদ্ধাৰ কৰে আৰু মৰোণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে হত্যাকাৰীৰ বিৰুদ্ধে দাদু মুণ্ডাৰ পত্নীয়ে আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। জামুগুৰি আৰক্ষীয়ে ৪৯/১৮ এক গোচৰ ৰুজু কৰি হত্যাকাৰী দ্বয়ক জেললৈ প্ৰেৰণ কৰে।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *