Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নবোদয় বিদ্যালয় নামভৰ্তিৰ বাবে আবেদনৰ আহ্বান

নবোদয় বিদ্যালয় নামভৰ্তিৰ বাবে আবেদনৰ আহ্বান

নবোদয় বিদ্যালয় নামভৰ্তিৰ বাবে আবেদনৰ আহ্বান

চাবুৱাঃ ৭ নৱেম্বৰঃ ডিব্রুগড় জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষই জনোৱা অনুসৰি ২০২০-২১ শৈক্ষিক বর্ষত বিদ্যালয় খনত নৱম শ্রেণীত নামভৰ্তিৰ বাবে আবেদন বিচৰা হৈছে। অধ্যক্ষগৰাকীয়ে জনােৱা অনুসৰি নৱম শ্রেণীত নাম ভর্তি বাছনি পৰীক্ষা ২০২০ বর্ষ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব । ইয়াৰ বাবে চলিত বৰ্ষৰ ২৫ অক্টোবৰৰ পৰা অনলাইনযােগ প্ৰ-পত্র দাখিল প্রক্রিয়া আৰম্ভ হৈছে আৰু অহা ১০ ডিচেম্বৰ অনলাইন যোগে প্র-পত্র দাখিলৰ অন্তিম তাৰিখ ধার্য কৰা হৈছে। ডিব্রুগড় জিলাৰ যিকোনো চৰকাৰী বা চৰকাৰী স্বীকৃতিপ্রাপ্ত বিদ্যালয়ত ২০১৯-২০ শৈক্ষিক বৃত্ত অষ্টম শ্রেণীতে অধ্যয়নৰত আৰু ২০০৪ চনৰ ১ মে’ৰ পৰা ২০০৮ চনৰ ৩০ এপ্রিল ৰ ভিতৰত জন্ম হোৱা যিকোনো ছাত্র-ছাত্রীয়ে নাম ভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীসকলে Www.navodaya.gov.in বা www.nvsad missionclassnine.in নিজৰ প্র-পত্র দাখিল কৰিব পাৰিব।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *