Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীত জীৱন শিল্পী দিৱস উদযাপনৰ আয়োজন- মুখ্য অতিথি যতীন বৰা

নলবাৰীত জীৱন শিল্পী দিৱস উদযাপনৰ আয়োজন- মুখ্য অতিথি যতীন বৰা

নলবাৰীত জীৱন শিল্পী দিৱস উদযাপনৰ আয়োজন- মুখ্য অতিথি যতীন বৰা

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ ফেব্ৰুৱাৰী*

নলবাৰী আৰ্ট স্কুল প্ৰাঙ্গনত পঞ্চম বাৰ্ষিক জীৱন শিল্পী দিৱস উদযাপনৰ আয়োজন কৰা হৈছে বুলি যুটীয়া সম্পাদক নৃপেন্দ্ৰ কুমাৰ শৰ্মা আৰু জিতুমনি ভট্টই জানিবলৈ দিয়ে ৷ নলবাৰী আৰ্ট স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিল্পী নলবাৰীৰ গৌৰৱ গুৰুজী আদ্য শৰ্মাদেৱৰ পঞ্চম বাৰ্ষিক মৃত্যুদিনৰ লগত সঙ্গতি ৰাখি অহা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত উক্ত দিৱস উদযাপন কৰা হ’ব ৷ এইবেলি প্ৰবীণ অভিনেত্ৰী মীৰা বিশ্বাসক জীৱন শিল্পী আদ্য শৰ্মা বঁটা-২০২০ প্ৰদান কৰা হ’ব বুলি সভাপতি পবিন শৰ্মা আৰু সম্পাদক ড৹ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই জনাইছে ৷ ২২ ফেব্ৰুৱাৰীত পুৱা ৯-১৫ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব নলবাৰী আৰ্ট স্কুলৰ সভাপতি পবিন শৰ্মাই ৷ পুৱা ৯-৩০ বজাত গুৰুজী আদ্য শৰ্মাদেৱৰ আৱক্ষ মূৰ্ত্তিত মাল্যাৰ্পন আৰু স্মৃতি তৰ্পণ কৰিব ক্ৰমে নলবাৰী আৰ্ট স্কুলৰ উপদেষ্টা মফিজুদ্দিন আহমেদ আৰু বিশিষ্ট চিকিৎসক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে ৷ পুৱা ১০ বজাত গুৰুজী আদ্য শৰ্মাদেৱৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট চিকিৎসক ডাঃ প্ৰণৱ কুমাৰ শৰ্মাই আৰু মাল্যাৰ্পণ কৰিব বিশিষ্ট চিত্ৰশিল্পী খছনুৰ আহমেদে ৷ তাৰ পিচতেই ১০-৩০ বজাত সোৱৰণী অতীত শীৰ্ষক এক অনুষ্ঠানত বিশিষ্ট সমাজসেৱী প্ৰয়াত গোলক বৰ্মণ, বিশিষ্ট সমাজসেৱী প্ৰয়াত নন্দিৰাম ডেকা আৰু বিশিষ্টা সমাজসেৱী প্ৰয়াত কিৰণপ্ৰভা বৰ্মণৰ সোঁৱৰণত নলবাৰী আৰ্ট স্কুলৰ শ্ৰেণীকোঠা নামকৰণ কৰা হ’ব ৷ অনুষ্ঠানটি সঞ্চালনা কৰিব বিশিষ্ট নাট্যকৰ্মী মুকুল গোস্বামীয়ে ৷ অংশগ্ৰহণকাৰী হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকিব চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰজত ডেকা, চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ঊষা ভূঞা পাটগিৰী, নলবাৰী আৰ্ট স্কুলৰ সদস্য কেশৱ চন্দ্ৰ বৰ্মণ আৰু বিশিষ্ট সমাজকৰ্মী জ্যোৎস্না বৰ্মণ ৷ বিয়লি ১-৪৫ বজাত প্ৰবীণ ভাষ্কৰ্য শিল্পী যোগেন্দ্ৰ নাথ শীলে উদ্বোধন কৰিব প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তিনিটা শাখাত ছবি আঁকো আহা শীৰ্ষক চিত্ৰাঙ্কন প্ৰতিযোগিতা ৷ ২৩ তাৰিখে পুৱা ১০ বজাত বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰিব নলবাৰী আৰ্ট স্কুলখনৰ উপ-সভাপতি ৰবীন পাটগিৰীয়ে ৷ মুখ্য অতিথিৰ আসন অলংকৃত কৰিব অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় তথা বিশিষ্ট অভিনেতা যতীন বৰাই ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী আৰু সমাজ সেৱক, গুৱাহাটীৰ নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলীয়ে ৷
সন্ধিয়া ৬ বজাত নাম প্ৰসঙ্গৰে দিৱসৰ সামৰণি পৰিবলগীয়া সমূহ কাৰ্যসূচীতে নলবাৰী আৰ্ট স্কুলখনৰ অধ্যক্ষ আব্দুল মন্নাফে সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *