Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি শুভাৰম্ভনি কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নলবাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি শুভাৰম্ভনি কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নলবাৰী ‍১৪জুনঃ ৰাজ্য চৰকাৰৰ বহুদিনীয়া চিন্তা-চৰ্চাৰ ফলস্বৰূপে আজি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিখনৰ আজি শুভাৰম্ভ কৰে।আঁচনি খন উদ্বোধন কৰি ভাষণ প্ৰসংগত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়খনত বৰ্তমানে ছয়জন(৬) ৰোগীয়ে একে সময়তে ডায়েলাইচিছৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।যিসকল ৰোগীৰ দুয়োটা বৃক্ক বিকল হয় তেওঁলোকে নতুন বৃক্ক সংৰোপন নকৰা পৰ্যন্ত ডায়েলাইচিছ কৰোৱাৰ প্ৰয়োজন হৈ পৰে।নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ডায়েলাইচিছ মেচিন দান কৰিছে হিমাংশু ডাৱে আৰু ডায়েলাইচিছ কৰিব গুৱাহাটী এপ’লো হস্পিটেলৰ চিকিৎসকে।এজন ৰোগীক ডায়েলাইচিছ কৰাৰ বাবে চিকিৎসকক চৰকাৰৰ পৰা ১২৯৬ টকাকৈ দিয়া হ’ব।তাৰে ৯০ শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে আৰু দহ শতাংশ ধন ৰাজ্য চৰকাৰে দিব লাগিব।কিন্তু ৰোগীৰ বাবে এই আঁচনি খন সম্পূৰ্ণ বিনামূলীয়া হ’ব।মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আজি ভাৰতত ২০লাখ লোকৰ বৃক্ক বেয়া হয়।গতিকে ডায়েলাইচিছৰ অতি প্ৰয়োজন।আনহাতে আজি নলবাৰীৰ ১৫৬৩ গৰাকী ৰোগীয়ে অটল অমৃত আঁচনিৰ সুবিধা লাভ আৰু ২১‍‌৪৪ জন লোকে আয়ুস্মান ভাৰতৰ সুবিধা লাভ কৰা বুলিও ভাষণ প্ৰসংগত উল্লেখ্য কৰে।তেনেকৈ নলবাৰীৰ অসামৰিক চিকিৎসালয়খনত  ১৪০০০ ৰোগীয়ে বিনামূলীয়া চিটি স্কেনৰ সুবিধা আৰু ৪২৯৫৬ গৰাকী ৰোগীয়ে বিনামূলীয়া এক্সৰেৰ সুবিধা আৰু ৫৪০০০ ৰোগীয়ে বিনামূলীয়া তেজ পৰীক্ষাৰ সুবিধা লাভ কৰা বুলিও প্ৰকাশ কৰিছে।মন্ত্ৰী ড° শৰ্মাই আৰু কয় যে তেওঁ নলবাৰীৰ দক্ষিণগাঁও ত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়লখনৰ কামো আগবঢ়াই লৈ গৈ আছে।অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত আৰু কয় যে- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ কৌটি কৌটি জনতাই বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত হৈছে।ব্যয়বহুল চিকিৎসা আজি কালি সম্ভৱ হৈ উঠিছে একমাত্ৰ বিজেপি চৰকাৰৰ দিনত।অনাগত দিনত অসমৰ প্ৰত্যেক জিলাতে এনেকুৱা বিনামূলীয়াকৈ ডায়েলাইছিছ মেচিন যোগান ধৰি ৰাইজৰ সেৱা কৰিব বুলি কৈ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমুহ অসমবাসী ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰে।নলবাৰীৰ বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে আতধৰা আৰু নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা উক্ত শুভাৰম্ভনি অনুষ্ঠানটোত ৮ নং মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই নলবাৰী অসামৰিক চিকিৎসালত বিনামূলীয়াকৈ ডায়েলাইছিছ আঁচনি হাতত লোৱা বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে।উক্ত অনুষ্ঠানটোত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাইও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনায় ভাষণ আগবঢ়ায়।অনুষ্ঠানটোত হিমাংশু ডাৱে,অনুপ কুমাৰ বৰ্মন,ৰথীন্দ্ৰ ভূঞা,নিতুল ডেকা,বিপাশা দাস আদি কৰি গণ্য মাণ্য ব্যক্তিসকলো উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *