Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীত বাতৰি কাকতৰ বিতৰকক আৰক্ষীৰ প্ৰহাৰ

নলবাৰীত বাতৰি কাকতৰ বিতৰকক আৰক্ষীৰ প্ৰহাৰ

*নলবাৰীত বাতৰি কাকতৰ বিতৰকক আৰক্ষীৰ প্ৰহাৰ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ মাৰ্চ*

‘অসমীয়া খবৰ’ কাকতৰ নলবাৰী জিলাৰ ষ্টাফ ৰিপ’ৰ্টাৰ তথা জেষ্ঠ সাংবাদিক মাননীয় জিতেন শৰ্মা দেৱৰ তথ্যৰ আধাৰত আজিৰ এই লিখিত প্ৰতিবেদন

#নলবাৰীৰ আৰক্ষী এগৰাকীয়ে আজি কলেজ চ’কত কৰা অভব্য আচৰণে পুনৰবাৰ ভূলুষ্ঠিত কৰিলে গণতন্ত্র, মৌলিক অধিকাৰ আৰু মানৱীয়তাৰ পৰিভাষাক ৷ বাতৰিকাকতৰ হকাৰ, বিতৰক আৰু সংবাদকৰ্মীসকল একেখন নাৱৰে যাত্রী ৷ ভাৰতবৰ্ষৰ সন্মানীয় প্রধান মন্ত্রীগৰাকীয়ে নিজৰ ভাষণত কৈছিল যে কৰ’ণাৰ আতংকৰ এই সন্ধিক্ষণত ৰাইজ আৰু চৰকাৰ তথা চৰকাৰৰ নীতি-নিৰ্দেশনাৰ মাজত যোগসূত্রকাৰীৰ ভুমিকা গ্রহণ কৰিব পাৰিব সাংবাদিক আৰু বাতৰি কাকত বিতৰণ কৰা লোকসকলেই ৷ এনেস্থলত আজি নলবাৰী কলেজ চ’কত বাতৰি কাকত বিতৰণ কৰিবলৈ যোৱা গণেশ ডেকা নামৰ এগৰাকী লোকক অসম আৰক্ষীৰ লোকে নিৰ্মমভাৱে প্রহাৰ কৰে ৷

আমি আজি জ্ঞাত যে সাম্প্রতিক পৰিস্থিতি সন্দৰ্ভত প্রশাসনক সহায় কৰিবলৈ আৰক্ষী বাহিনীক কেতবোৰ ক্ষমতা প্রদান কৰা হৈছে ৷ তাত কাৰো আপত্তি কৰিবলগীয়া একো নাই ৷ কিন্তু তাকে কৰিবলৈ গৈ যদি আৰক্ষীৰ কোনো লোকে ওভতগোৰে নাচিবলৈ ধৰে তেন্তে আমাৰ বা প্রশাসনৰ কৰণীয় কি হ’ব সেয়া ভাবি চাবলগীয়া বিষয় ৷ পৃথিৱীৰ লগতে আমাৰ দেশৰ এই মহাসংকটৰ সময়ত নলবাৰীৰ আৰক্ষীগৰাকীৰ নেতিবাচক আচৰণৰ বিপৰীতে দিল্লী, নয়দা, বাৰাণসী প্রমুখ্যে দেশৰ বিভিন্ন প্রান্তৰ আৰক্ষীৰ ইতিবাচক আচৰণে মোহিত কৰিছে ভাৰতবৰ্ষৰ কোটি কোটি জনগণক ৷ উল্লিখিত অঞ্চলৰ আৰক্ষী বাহিনীৰ লোকে বিভিন্ন ঠাইত ‘লকডাউন’ৰ বাবে অনাকাঙ্খিতভাৱে আবদ্ধ হৈ থকা লোকসকলৰ উপৰি নিজৰ আশ্রয়স্থল নোহোৱাসকলক এই মহাসংকটৰ সময়ত গভীৰ আন্তৰিকতাৰে দুখন ৰুটি, কিছু খাদ্যৰ যোগান ধৰাৰ দৰে পৱিত্র কাৰ্যত ব্রতী হৈছে ৷ আৰক্ষী বিভাগৰ প্রতি থকা আমাৰ সমাজখনৰে একাংশৰ নেতিবাচক ধাৰণাক একপ্রকাৰ প্রত্যাহ্বান জনোৱাৰ উপৰি মৰম, চেনেহ আৰু মানৱীয়তাৰ নতুন আদৰ্শ প্রতিষ্ঠা কৰিবলৈ আগবঢ়া সেইসকল আৰক্ষীলৈ আমি হিয়া নিগৰা অভিনন্দন জনালোঁ এই প্রতিবেদনৰ জৰিয়তে ৷ হয়, প্রচলিত আইন-বিধিৰ জ্ঞানৰ অভাৱতেই হওক বা সেই আইন-বিধি নমনাৰ প্রৱণতাৰ বাবেই হওক আমাৰ সমাজৰ একাংশ লোকে প্রায়েই ভুল কৰা দেখা যায় ৷ কিন্তু সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ যাওতে তাৰ লগত যাতে নিৰীহ লোক অযথা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰাতোও প্রশাসন আৰু আৰক্ষী বিভাগৰ দায়িত্ব নহয়নে?

আমি জনাত অসম আৰক্ষীৰ সঞ্চালকপ্রধান মহোদয় এগৰাকী অত্যন্ত অধ্যয়নপুষ্ট আৰু বিশাল হৃদয়ৰ নিৰ্জু ভদ্রলোক ৷ গতিকে তেখেতৰ নিয়ন্ত্রণত থকা অসম আৰক্ষীৰ প্রতিগৰাকী লোকৰ চৰিত্রৰ মাজেৰে আমি সঞ্চালক মহোদয়ৰ প্রতিবিম্ব বিচাৰো ৷ কিয়নো বিশ্বত্রাস মহামাৰী কৰ’ণা আতংকই নিদাৰুণভাৱে ভীতিগ্রস্ত কৰি ৰখা অসমৰ লক্ষ লক্ষ সাধাৰণ ৰাইজৰ সাম্প্রতিক সময়ত একমাত্র আশাৰ কিৰণ চৰকাৰ, প্রশাসন আৰু আপোনাৰ দৰে সমাজৰ অতন্দ্র প্রহৰীসকল ৷

আপোনালোকৰ পৰা পোৱা অকণমান মৰম, চেনেহ, পৰামৰ্শ আৰু আশ্বাসৰ বিশল্যকৰণীয়ে হ’ব পাৰে আপোনালোকৰ মুখলৈ পৰম আশাৰে চাই থকা ৰাজ্যখনৰ বৃহত্তৰ জনগণৰ জীয়াই থকাৰ প্রেৰণা ৷

সমগ্র বিষয়টো অসমৰ মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ উপৰি মাননীয় মুখ্যসচিব মহোদয়ৰো দৃষ্টিগোচৰ কৰিলোঁ ৷ লগতে আজি পুৱা জনগণৰ প্রতি থকা দায়বদ্ধতাক সন্মান জনাই বাতৰিকাকত বিতৰণ কৰিবলৈ গৈ অবিবেচক এগৰাকী আৰক্ষীৰ হাতত নিগৃহীত আৰু অপমানিত হোৱা গণেশ ডেকা নামৰ সংবাদ মাধ্যমৰ সৈতে জড়িত সন্মানীয় ব্যক্তি গৰাকীলৈ আমাৰ সমমৰ্মিতা জ্ঞাপন কৰিছোঁ ৷

ধন্যবাদেৰে-
জিতেন শৰ্মা, সভাপতি, নলবাৰী প্রেছ ক্লাৱ ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *