Monday , November 19 2018
শেহতীয়া খবৰ

নলবাৰীত মহিলাক যৌন নিৰ্যাতন: আটক ১

নলবাৰীঃ ধৰ্ষণৰ ঘটনাই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে নলবাৰী চহৰৰ দৌলগোবিন্দপুৰত আজি বিয়লি এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অপৰাধত স্থানীয় ৰাইজে এজন যুৱকক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে।ঘটনাত জৰিত আন এজন লম্পট যুৱক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক জনক মানিক শ্বেখ বুলি চিনাক্ত কৰা হৈছে । বিলাসীপাৰাৰ অভিযুক্ত এই যুৱকজনে অন্য এজন যুৱকৰ সতে মিলি কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীৰ গৃহত প্ৰবেশ কৰে । যুৱকদ্বয়ে মহিলা গৰাকীক যৌন আতিশয্যা চলোৱাৰ চেষ্টা চলাওতে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে। স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে । অভিযুক্ত ধৃত যুৱকজনে নলবাৰী বাছ আস্থানৰ সমীপৰ এটা গডৰেজ ফেক্টৰিত কৰ্মৰত আছিল ।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

One comment

  1. We are very happy to join you….
    Also congratulations for your new journey …
    All the very best to all first news team…

    Keep in up 👍

Leave a Reply

Your email address will not be published. Required fields are marked *