Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীত স্মাৰক বক্তৃতা অনুষ্ঠানত হাইদৰ হুছেইনৰ বক্তব্যত জাতিপ্ৰেম

নলবাৰীত স্মাৰক বক্তৃতা অনুষ্ঠানত হাইদৰ হুছেইনৰ বক্তব্যত জাতিপ্ৰেম

##নলবাৰীত স্মাৰক বক্তৃতা অনুষ্ঠানত হাইদৰ হুছেইনৰ বক্তব্যত জাতিপ্ৰেম##

ৰূপক বৈশ্য, নলবাৰী, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, ৩ ডিচেম্বৰঃ

পশ্চিম নলবাৰী যুৱ সমাজৰ উদ্যোগত আৰু মৌলানা জাফৰউদ্দিন আহমেদ স্মৃতিৰক্ষা সমিতিৰ সহযোগত পহিলা ডিচেম্বৰত ‘মৌলানা জাফৰউদ্দিন আহমেদ স্মাৰক বক্তৃতা’ শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে কুৰি শতিকাৰ আৰম্ভণিৰে পৰা আধ্যাত্মিক আৰু শৈক্ষিক দিশৰ লগতে সমাজ সংস্কাৰক হিচাবে সবল নেতৃত্ব দিয়া অবিভক্ত কামৰূপ জিলা(বৰ্তমান নলবাৰী জিলা)ৰ অন্তৰ্গত নিবাসী বিশিষ্ট পণ্ডিত মৌলানা জাফৰউদ্দিন আহমেদৰ সোঁৱৰণত অনুষ্ঠিত উক্ত অনুষ্ঠানটো ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলনেৰে আৰম্ভণি কৰে পশ্চিম নলবাৰী যুৱ সমাজ, চামতাৰ সভাপতি ফাইজউদ্দিন অহমেদে ৷ ৰাতিপুৱা ৯ বজাত গছপুলি ৰোপক হিচাবে উপস্থিত থাকে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আদাৰ আলীকে আদি কৰি সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি তথা পশ্চিম নলবাৰী যুৱ সমাজ, চামতাৰ উপদেষ্টা আজিজৰ ৰহমান, পৰিবেশ কৰ্মী তথা পশ্চিম নলবাৰী যুৱ সমাজ, চামতাৰ উপদেষ্টা ভূপেন কুমাৰ দাস আৰু বৰ্গমূল আৰু ঘণমূলৰ অভয়সূত্ৰৰ উদ্ভাৱক তথা পশ্চিম নলবাৰী যুৱ সমাজ, চামতাৰ মুখপাত্ৰ কৈলাশ চৌধুৰী ৷ ৰাতিপুৱা ১০ বজাত সৰ্বভাৰতীয় কথা বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক তথা টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক জয়ন্ত কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত মূল বক্তৃতা অনুষ্ঠানৰ বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট নিবন্ধকাৰ, প্ৰবীণ সাংবাদিক তথা বুদ্ধিজীৱী হাইদৰ হুছেইনে অসমৰ শিক্ষিত যুৱক-যুৱতীসকলে সংমিশ্ৰিত হৈ সংস্কৃতি জীয়াই ৰাখিব লাগিব মত প্ৰকাশ কৰি বৃহত্তৰ অসমীয়া সমাজখনক আগুৱাই নিবলৈ হ’লে জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সহযোগিতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ ভাষণ প্ৰসঙ্গত তেওঁ কয়- ‘কোৰাণ, গীতা, বাইবেল পঢ়িলেই নহ’ব; ধৰ্মগ্ৰন্থ জানিবলৈ হ’লে পাণ্ডিত্যৰ প্ৰয়োজন আছে ৷ তাত্বিক দিশ চালিজাৰি চাই জাতিক আগুৱাই নিয়াৰ সময় আহি পৰিছে ৷’ জাতীয় চেতনাৰ হকে মত পোষণ কৰি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয়- ‘মাতৃভাষাক উপেক্ষা কৰা মানেই জাতিক হেৰুওৱা ৷ মাতৃভাষা, মাতৃভূমি আৰু মাতৃক বুজি লৈ জাতিক আগুৱাই নিব লাগিব ৷ নিষ্ঠা-সততা আৰু দৃঢ়তাৰে আমি আগুৱাই গ’লেহে আমাৰ জাতি-সংস্কৃতি-ভাষা চিৰদিনৰ বাবে জীয়াই থাকিব ৷ বক্তব্যত হুছেইনে সাহসেৰে কয়- ‘অসমৰ প্ৰতিচপৰা মাটি আমাৰ ৷ এই মাটিত, এই ভেটিত আমি আঘাত হোৱাতো কোনোকালেই সহ্য নকৰো ৷’ সভাত জাফৰুদ্দিন আহমেদৰ জেষ্ঠ পুত্ৰ চফৰুদ্দিন আহমেদ প্ৰমুখ্যে পৰিয়ালৰ লোকসকলো উপস্থিত থাকে ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *