Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ ফেব্ৰুৱাৰী*

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অহা ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত নলবাৰী নাট্যমন্দিৰত দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱ- ২০২০ ৰ আয়োজন কৰিছে বুলি জানিব পৰা গৈছে ৷ ২৭ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত পৰিচালক জাহ্নু বৰুৱাৰ বান্ধোন, বিয়লি ২-৩০ বজাত পৰিচালক ৰজনী বৰুৱাৰ ৰাগ আৰু সন্ধিয়া ৫ বজাত পৰিচালক ববী শৰ্মা বৰুৱাৰ সোণাৰ বৰণ পাখি- এই তিনিখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ আনহাতে ২৮ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীৰ নিষিদ্ধ নদী, বিয়লি ২-৩০ বজাত পৰিচালক মৃদুল গুপ্তাৰ টি. আৰ. পি. আৰু নামৰ লগতে সন্ধিয়া ৫ বজাত পৰিচালক প্ৰবীণ হাজৰিকাৰ শৃংখল- আন তিনিখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব ৷ উক্ত বিনামূলীয়া অনুষ্ঠানলৈ সাংস্কৃতিক পৰিক্ৰমা, অসমৰ সঞ্চালক বিষ্ণু কমল বৰা আৰু নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে সমূহলৈ সাদৰ নিমন্ত্ৰণ জনাইছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *