Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ নিজপকোৱা তাঁতিপাৰাত ব্যতিক্ৰমী পদক্ষেপঃভোগালী তোৰণ

নলবাৰীৰ নিজপকোৱা তাঁতিপাৰাত ব্যতিক্ৰমী পদক্ষেপঃভোগালী তোৰণ

নলবাৰীৰ নিজপকোৱা তাঁতিপাৰাত ব্যতিক্ৰমী পদক্ষেপঃভোগালী তোৰণ

ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ জানুৱাৰী

অসমীয়াৰ বুকুৰ আপোন ভোগালী বিহু ৷অসমৰ বিভিন্ন অঞ্চলৰ লগতে ভোগালী বিহুৰ অন্য এক প্ৰস্তুতি নলবাৰীৰ নিজপকোৱা গাঁৱৰ তাঁতিপাৰা চুবুৰীতো ৷আজি কিছুবছৰ ধৰি এই চুবুৰীৰ উৎসাহী লোকসকলে মিলাপ্ৰীতিৰ চানেকিৰে ন-ন চিন্তাৰে শিল্প সৃষ্টিত মনোনিবেশ কৰি আহিছে ৷ কৃষ্টি জীয়াই ৰখাৰ লগতে ৰাইজক চমক খুওৱাবলৈও সক্ষম হৈ আহিছে ৷ এইবেলিও ভোগালীক আদৰিবলৈ চুবুৰীৰ অন্যতম উৎসাহী একাংশ শিক্ষিত শিল্পীসুলভ মনৰ লোকৰ তত্বাৱধানত সাজি উলিয়াইছে ভোগালী তোৰণ ৷এই তোৰণত ব্যৱহাৰ হৈছে বাঁহ, নৰা, কলগছ ৷চুবুৰীটোৰ প্ৰায় প্ৰতিগৰাকী লোকৰেই সদিচ্ছা আৰু ত্যাগেৰে এনে শিল্পৰাজীক ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলি সচেতন মহলত প্ৰকাশ ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *