Monday , February 17 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ নিজ পকোৱাত ২৯ মাৰ্চত ‘বসন্তৰ এদিন’

নলবাৰীৰ নিজ পকোৱাত ২৯ মাৰ্চত ‘বসন্তৰ এদিন’

নলবাৰীৰ নিজ পকোৱাত ২৯ মাৰ্চত ‘বসন্তৰ এদিন’ত লোক-সঙ্গীতৰ সাধক প্ৰভাত শৰ্মালৈ ভবেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা-২০২০- বঁটা প্ৰদান কৰিব খ্যাতনামা কণ্ঠশিল্পী ড৹ অণিমা চৌধুৰীয়ে

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৩ ফেব্ৰুৱাৰী*

এই বৰ্ষৰ ভবেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব লোক-সঙ্গীতৰ সাধক, খ্যাতনামা বাঁহীবাদক প্ৰভাত শৰ্মাক ৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই ঘোষণা কৰে ভবেন বৰুৱা-মহানন্দ শৰ্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা সমিতিয়ে ৷ নলবাৰী জিলাৰ নিজ পকোৱাবাসী আৰু শৈক্ষিক-সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘পোহৰ- দ্য লাইট’ৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰি অহা ২০২০ বৰ্ষৰ এই বঁটা অহা ২৯ মাৰ্চত পকোৱা হাইস্কুলত অনুষ্ঠিতব্য ‘বসন্তৰ এদিন’ শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা হ’ব অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তিগৰাকীক ৷ গায়ক, বাদক, গীতিকাৰ, সুৰকাৰ, সঙ্গীত পৰিচালক বৰপেটাৰ সন্তান প্ৰভাত শৰ্মাক এই বঁটা প্ৰদান কৰিব যোৱাবৰ্ষৰ বঁটা প্ৰাপক, বিশিষ্ট সঙ্গীত শিল্পী, নলবাৰীৰ নিজ পকোৱাৰ সন্তান ড৹ অণিমা চৌধুৰীয়ে ৷ এই বঁটাত থাকিব নগদ ধন, এটি স্মাৰক, এটি বাঁহী, শৰাই, মানপত্ৰ, চেলেং চাদৰ আৰু এটি গছপুলি ৷ সংবাদমেলত এই কথা সদৰি কৰে অনুষ্ঠানৰ বিষয়ববীয়া বলেন্দ্ৰ মল্ল বৰুৱা, চন্দন ডেকা আৰু ড৹ সমুজ্জ্বল ভৰদ্বাজে ৷ উল্লেখ্য, নৰহৰি বুঢ়া ভকত, গঙ্গাধৰ দেৱমিশ্ৰ, সত্যকৃষ্ণ দেৱমিশ্ৰ, যোগেশ ভড়ালী আদিৰ দৰে গুৰুৰ ওচৰত সুৰ আৰু সঙ্গীতৰ শিক্ষা লাভ কৰা শৰ্মাই ‘সৰুকৈ বকুল ফুল লাহী’, ‘উজুটি উজুটি’, ‘শালিকী অ’ অবুজন চৰাইজনী’কে আদি কৰি ভালেসংখ্যক কালজয়ী অসমীয়া গীতত সুৰাৰোপ কৰিছে ৷ ‘সাৰথি’, ‘সন্তান’ আদি চলচিত্ৰৰ সঙ্গীত পৰিচালনা কৰা শিল্পীগৰাকীয়ে ‘দেৱগান্ধাৰ’ শীৰ্ষক অসমীয়া লোকবাদ্য পৰিৱেশনৰ অনুষ্ঠানৰ জড়িয়তে বিশেষ সমাদৰ লাভ কৰিছে ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জড়িয়তেও লোক-সঙ্গীতক অধিক জনপ্ৰিয় কৰা সুৰৰ এই সাধকগৰাকীয়ে ২০০৩ চনত সঙ্গীত-নাটক একাডেমী বঁটা লাভ কৰিছে ৷ আনহাতে, বঁটা প্ৰদান অনুষ্ঠানত ‘আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা’ৰ সঞ্চালক ড৹ দিলীপ কলিতা বিশিষ্ট আলোচক হিচাপে উপস্থিত থাকি ‘অসমৰ লোক-সঙ্গীত’ বিষয়ত বক্তৃতা প্ৰদান কৰিব ৷ বঁটা প্ৰদান অনুষ্ঠানৰ পাছতেই ‘বসন্তৰ এদিন’ৰ সন্ধিয়া ৮ বজাত খ্যাতনামা কণ্ঠশিল্পী ড৹ অণিমা চৌধুৰী আৰু পুলক বেনাৰ্জীয়ে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব ৷ ইয়াৰ আগেয়ে পুৱা ১১ বজাত ড৹ সমুজ্জ্বল ভৰদ্বাজৰ সঞ্চালনাত এখন প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সমিতিয়ে সংবাদমেলত সদৰি কৰে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে অসমৰ যুৱকে জিনিলে ৰাষ্ট্ৰীয় পুৰস্কাৰ

  অসমৰ ভৃগু বৰঠাকুৰলৈ ৰটাৰী ইণ্ডিয়া হিউমেনিটী হিৰ’ এৱাৰ্ড ষ্টাফৰিপোৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্যখনৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *