Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ শান্তি নিৱাসৰ আৱাসী মন বাহাদুৰ তামাঙৰ পৰলোক*।

নলবাৰীৰ শান্তি নিৱাসৰ আৱাসী মন বাহাদুৰ তামাঙৰ পৰলোক*।

*নলবাৰীৰ শান্তি নিৱাসৰ আৱাসী মন বাহাদুৰ তামাঙৰ পৰলোক*।

প্ৰণৱজ্যোতি কলিতা,নলবাৰীঃনলবাৰীৰ শান্তি নিৱাস অনাথ আশ্ৰমৰ আবাসী মন বাহাদুৰ তামাঙৰ আজি বিয়লিৰ ভাগত পৰলোকপ্ৰাপ্তি ঘটে । মন বাহাদুৰ তামাঙ নামৰ লোকজনৰ ঘৰ বাগছা জিলাৰ শশীপুৰত । প্ৰায় ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে ভাৰত – ভূটান সীমান্তৰ দৰঙ্গাৰ ৰাজপথতে জীৱন নিৰ্বাহ কৰিছিল যোৱা কেবা বছৰ ধৰি । পত্নী আৰু দুই পুত্ৰৰ সতে তেওঁৰ এখন সুখৰ সংসাৰ আছিল যদিও বৃদ্ধ গৰাকীয়ে যোৱা কেবা বছৰ ধৰি কেবাটাও ৰোগত আক্ৰান্ত হৈ আছিল । ইয়াৰ উপৰি উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ শৰ্যাশায়ী অবস্থাত আছিল তামাং । মন বাহাদুৰৰ তেনে এক দুখজনক অৱস্থাত বৃদ্ধ গৰাকীৰ পত্নীয়ে দুই সন্তানক লৈ স্বামীক এৰি বেলেগকৈ থাকিবলৈ লয় । ভুটানৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত পত্নীক স্থানীয় দৰঙ্গাৰ ৰাইজে গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছিল যদিও শৰ্যাশায়ী স্বামী মন বাহাদুৰ তামাঙক গ্ৰহণ কৰিবলৈ নাহিল পত্নী অথবা বৰপুত্ৰই । অবশেষত দৰঙ্গাৰ স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে সাংবাদিক মজিবুৰ ৰহমানে বহুদিন পূৰ্বে উদ্ধাৰৰ ব্যৱস্থা কৰি আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল শান্তি নিৱাস অনাথ আশ্ৰমত ।আশ্ৰমত থকা সময়ছোৱাতো বৃদ্ধ গৰাকীয়ে খাদ্য বস্তু গ্ৰহন কৰিব পৰা নাছিল । যোৱা সময়ছোৱাত সাংবাদিক ৰহমানে শংকৰ দাসৰ সহযোগত চিকিৎসা কৰোৱাই যদিও বৃদ্ধ গৰাকীৰ অবস্থা দিনক দিনে অবনতি ঘটে । আজি বিয়লিৰ ভাগত তেওঁৰ মৃত্যু ঘটাত শান্তি নিৱাসত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । ইফালে বৃদ্ধ গৰাকীৰ মৃত্যুৰ খবৰ দৰঙ্গাৰ স্থানীয় ৰাইজক জনোৱা হৈছিল যদিও তেওঁলোকেও আহিবলৈ অপৰাগতা প্ৰকাশ কৰে । সদৌ শেষত সাংবাদিক ৰহমানে নলবাৰীৰ ৰাজহুৱা শ্মসানত আজি নিশাৰ ভাগত শেষকৃত্ব সম্পন্ন কৰাই । আজিৰ এই শেষকৃত্ব অনুস্থানত ফটো সাংবাদিক শংকৰ দাস , ফাৰুক হুছেইন , ৰুহুল আমিন , শ্মসান বন্ধু নবীন কলিতা সহ ভালে সংখ্যক লোক উপস্থিত থাকে ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *