Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত

নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত

*নলবাৰীৰ শিক্ষা বিভাগ অনা অসমীয়াৰ কব্জাত*
*স্কুল ইউনিফৰ্ম যোগানৰ ঠিকাৰ নামত প্ৰতাৰণা স্থানীয় ফাৰ্মক*
*স্কুল ইউনিফৰ্ম সংস্থাৰ প্ৰতিবাদ*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ১৫ ফেব্ৰুৱাৰী*

নলবাৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত বহিৰাগত কোম্পানী আৰু প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম যোগানৰ বাবে উঠিপৰি লগাত জিলাখনৰ স্থানীয় স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাই ইতিমধ্যে এই ক্ষেত্ৰত জিলা শিক্ষা বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ জনায়। আনকি সংস্থাটোৱে কয় যে নলবাৰী জিলা মাধ্যমিক আৰু প্ৰাথমিক শিক্ষা বিভাগ এতিয়া অনা অসমীয়াৰ হাতৰ পুতলা হৈ পৰিছে। সংস্থাৰ সভাপতি হিতেশ ডেকা আৰু মুখ্য সম্পাদক হেমন্ত কলিতাই দিয়া স্মাৰকপত্ৰত কয় যে বিগত সময়ত নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ অন্তৰ্ভূক্ত ফাৰ্মসমূহে জিলাখনৰ চৰকাৰী বিদ্যালয়সমূহৰ ইউনিফৰ্ম যোগান ধৰি আহিছে। নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাই ইউনিফৰ্ম যোগান ধৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি)/৩৮১৯/২০১৯ ত চলি থকা গোচৰ শিক্ষা বিভাগৰ লগত নিস্পত্তি হৈছে। এনে অৱস্থাত নলবাৰী জিলাত চৰকাৰী বিদ্যালয়সমূহত বহিৰাগত কোম্পানী আৰু প্ৰতিষ্ঠানে যধে-মধে নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাক অৱগত নকৰাকৈ আৰু অন্তৰ্ভুক্ত নোহোৱা অস্থায়ী এজেণ্টসকলে ইউনিফৰ্ম যোগানৰ বাবে উঠিপৰি লাগিছে। স্মাৰকপত্ৰত উল্লেখ থকামতে নলবাৰী জিলাত পঞ্জীয়নকৃত ফাৰ্ম তথা জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাৰ অন্তৰ্গত ফাৰ্মসমূহ হৈছে- ঐশ্বৰ্য এন্টাৰপ্ৰাইজ( মাখিবাহা,নলবাৰী), গ্ল’বেল এম্প’ৰিয়াম(হাজো বাছষ্টেণ্ড, নলবাৰী), পি কে টেইলৰ(ধমধমা), নিকিতা ক্লথ ষ্টোৰ(জাজিয়াবাৰী), মাহেন্দ্ৰী ক্লথ(ঘগ্ৰাপাৰ) আৰু গাৰ্গী এন্টাৰপ্ৰাইজ(মুগকুছি)। সংস্থাই স্থানীয় ফাৰ্মক বঞ্চিত নকৰিবলৈ দাবী জনোৱাৰ লগতে অনা অসমীয়া কোনো কোম্পানী আৰু অস্থায়ী ব্যৱসায়ী তথা এজেণ্টক কাপোৰ যোগানত বাধা প্ৰদান কৰি নলবাৰী জিলা স্কুল ইউনিফৰ্ম যোগানকাৰী সংস্থাটোৰ অন্তৰ্ভুক্ত আৰু পঞ্জীয়নকৃত ফাৰ্মকহে ইউনিফৰ্ম যোগানৰ দায়িত্ব দিবলৈও দাবী জনাইছে ৷

*প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী*

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *