Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী জিলা পুনৰ বানাক্ৰান্ত

নলবাৰী জিলা পুনৰ বানাক্ৰান্ত

নলবাৰী জিলা পুনৰ বানাক্ৰান্ত

প্ৰণৱজ্যোতি কলিতা,নলবাৰী , ২৪ জুলাই: নলবাৰী জিলাৰ মৰাপাগলদিয়া ,বুঢ়াদিয়া , কানাইখুন্দা আদি নদীসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ঘগ্ৰাপাৰ , নলবাৰী , পশ্চিম নলবাৰী , বৰভাগ , বানেকুছি , বৰক্ষেত্ৰী আৰু টিহু ৰাজহ চক্ৰৰ ধমধমা ,চতাইবাৰী ,ভেলামাৰি ,বালিতাৰা ,নাহেৰবাৰী ,হাঁহডলি , সৰিহতলি , নমাতি ,ক্ষুদ্ৰকাটলা বৰকুছি ,বৰআগ্ৰা , ভূঞাৰকুছি , হৰিপুৰ , আমনি , কেন্দুবাৰী , লখোপুৰ , পখুৰা , গমাৰিমুৰি , নদলা , শুকেকুছি , ঘিলাজাৰি , দাহুদী ,খাতাৰুপীয়াবাথান , খেলুৱা , বৰশিমলীয়া ,কৈঠালকুছি , বেছিমাৰি , বালিজাৰ , ৰাজাখাট বানেকুছি , সন্ধেলি , কাছিমপুৰ , বুৰিনগৰ , নিজবানেকুছি , পূৱ কাজিয়া , কালাৰচৰ ,ভাঙনমাৰি , কুৰিহামাৰি , ষাঠিকুছি , গোবৰাদল , বালি , আখৰা , বকুৱাজাৰি বৰভাগজাৰি , সুৰাদী আদিকৰি ৫৩খন গাঁও পুনৰ বানাক্ৰান্ত হৈছে । মুঠ ৭টা ৰাজহ চক্ৰৰ ৩০৮০৪ গৰাকী লোক আৰু ৪৭৬৮.৯১ হেক্টৰ খেতিপথাৰ বানৰ কবলত পৰিছে । জিলাখনৰ বালভৱন হাইস্কুল , নমাতি এল পি আৰু এম ই স্কুল , এচ আই আৰ ডি , স্বামী পৰমানন্দ এল পি স্কুল , বৰআগ্ৰা এল পি স্কুল , বৰআগ্ৰা , সৰিহতলি , বাপুজী হাইস্কুল , কাশিমালি এল পি স্কুল , আঞ্চলিক মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয় , জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় , মিল্লান উচ্চতৰ মাধ্যমিক বিদ্যালয় , জালিৰাম এল পি স্কুল , ৰাজাখাট বানেকুছি এল পি স্কুল , বৰবিলা এম ই স্কুল , বৰবিলা এল পি স্কুল , বৰবিলা বিষ্ণু মন্দিৰ , খেলুৱা ৩০৯ এল পি স্কুল, জনতা হাইস্কুল , ধমধমা হাইস্কুল , ধমধমা কলেজ , ধমধমা ভেলামাৰি মিলন মোক্তাব , এম এন চি এল পি স্কুল ভেলামাৰি , উত্তৰ বালিতাৰা এল পি স্কুল , ১১নং বালিতাৰা এল পি স্কুল , মাধৱদেৱ জাতীয় বিদ্যালয় আৰু চতাইবাৰী গাঁও -পঞ্চায়ত কাৰ্যালয়কে ধৰি ২৭টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে বানাক্ৰান্ত লোকৰ বাবে । আশ্ৰয় শিবিৰত বৰ্তমানে ৭৬৩৯ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ আছে । ৪১৭২৮ টা সৰু -ডাঙৰ পশু আৰু ১৭৯১১টা হাঁহ-কুকুৰা বানৰ কবলত পৰিছে । বানত জিলাখনৰ ৭টা ঘৰ সম্পূৰ্ণৰূপে আৰু ৩১ টা ঘৰ আংশিকভাবে নষ্ট হৈছে ।
এচ ডি আৰ এফ আৰু ভাৰতীয় সেনাই বানাক্ৰান্তক উদ্ধাৰত ৩খন নাও ব্যৱহাৰ কৰিছে ।।১৬ টা চিকিতসা কৰ্মীৰ দলে বানাক্ৰান্ত এলেকাত চিকিতসা সেৱা আগবঢ়াই আছে ।
আজি নলবাৰী জিলা প্ৰশাসনে ২৭টা সাহায্য বিতৰণ কেন্দ্ৰৰ পৰা বানাক্ৰান্ত লোকৰ মাজত ১৮৩.৬৬ কুইন্টল চাউল , ৩২.৮৯ কুইন্টল দাইল , ৯.৮৭ কুইন্টল নিমখ , ৯৮৭ লিটাৰ মিঠাতেল , চিৰা ৫.৭৬ কুইন্টল , গুড় ১.০৮ কুইন্টল ,শিশু খাদ্য ১৫পেকেট সাহায্য হিচাপে বিতৰণ কৰিছে । তাৰোপৰি মমবাতি ৩০ পেকেট ,মহ খেদা কইল ৩০ পেকেট , দিয়াশলাই ১০টাও বানাক্ৰান্ত লোকক দিয়া হৈছে ।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *