Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী নাট্য মন্দিৰত সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী নাটক “আত্মচৰিত্ৰ” মঞ্চস্থঃ

নলবাৰী নাট্য মন্দিৰত সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী নাটক “আত্মচৰিত্ৰ” মঞ্চস্থঃ

নলবাৰী নাট্য মন্দিৰত সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী নাটক “আত্মচৰিত্ৰ”

ৰূপক বৈশ্য, নলবাৰী, ৮ নবেম্বৰঃ যোৱা ৬ নবেম্বৰত নলবাৰী নাট্য মন্দিৰত নাট্যকাৰ অভিনেতা তিলক বৈশ্যৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হ’ল এক ঘণ্টা দহ মিনিট দৈৰ্ঘ্যৰ এখনি সম্পূৰ্ণ ব্যতিক্ৰমধৰ্মী নাট আত্মচৰিত্ৰ ৷ নাট্যকাৰ তিলক বৈশ্যই জানিবলৈ দিয়ামতে আমাৰ সমাজত বিচৰণ কৰি ফুৰা সৎ-অসৎ, ভাল-বেয়া, আদৰ্শবান-আদৰ্শহীন ভিন্ন লোকৰ ভিন্ন চৰিত্ৰ সমূহ ভিন্ন কুশীলবৰে সুন্দৰভাবে উপস্থাপন কৰাৰ প্ৰয়াসেৰে প্ৰতিটো চৰিত্ৰৰ দ্বাৰাই সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰাত সামগ্ৰিকভাবে সফল হোৱা বুলিয়েই ক’ব পাৰি ৷ পুলিচ-প্ৰশাসন, আইন-আদালতৰ একাংশ সৎ আদৰ্শবান লোকৰ বাহিৰেও একাংশই আজিও বাস্তৱত ‘ৰক্ষকে ভক্ষকৰ ভূমিকা’ত ব্যস্ত ৷ অনেক সৎ-নিষ্ঠাবান শিক্ষকৰ বিপৰীতে এতিয়াও যে একাংশ ছাত্ৰ-ছাত্ৰীৰ মুৰ খোৱা ভণ্ড নীতি-আদৰ্শহীন শিক্ষক আছে তাকেই নাট্যকাৰে বিশেষভাবে উপস্থাপনৰ চেষ্টা কৰা দেখা গৈছে ৷ লগতে এচাম কলা বেপাৰী, সুদখোৰ মহাজন শ্ৰেণীৰ লোকে কেনেকৈ সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত অন্যায়ভাবে শোষণ চলাই ধন আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে তাকে প্ৰতিফলিত কৰিছে ৷ তাৰোপৰি এনেদৰে ধন-সম্পত্তিৰ পাহাৰ সাজি দম্ভালি মাৰি ফুৰিলেও যে শেষ যাত্ৰা চাৰিকান্ধত আৰু শেষ শয়ন চাৰিখুটিত তাকো নাট্যকাৰে সকিয়াই দিছে ৷ ইয়াৰ উপৰিও এজনী অৰ্দ্ধ পাগলীৰ চৰিত্ৰৰ জড়িয়তে সমাজৰ কিছুমান তথাকথিত মুখাপিন্ধা ভদ্ৰলোকৰ অসৎ চৰিত্ৰ ৰাইজৰ মাজত তুলি ধৰাত সফল হৈছে ৷ ইয়াৰ ভিতৰত এচাম সৎ-আদৰ্শবান লোক আজিও সমাজত আছে বাবেই প্ৰকৃতিৰ এই বিনন্দীয়া সৃষ্টি আজিও যে ধ্বংস হৈ যোৱা নাই তাকো সুন্দৰভাবে উপস্থাপন কৰিছে ৷ এইবোৰৰ উপৰিও সম্পূৰ্ণ ব্যতিক্ৰম কিম্বা অগতানুগতিকভাবে নাটখনৰ প্ৰতিটো চৰিত্ৰৰ সৈতে সংযোগ কৰি নাটকখন আদিৰ পৰা অন্তলৈ যি অভিনৱ ধাৰাবাহিকতা ধৰি ৰাখিছে ই সঁচাকৈ প্ৰসংশনীয় ৷ এক কথাত ক’বলৈ হ’লে আত্মচৰিত এখন সফল নাট ৷ অৱশ্যে অভিনয়, সংগীত, দৃশ্যসজ্জা আদিৰ দুৰ্বলতাই নাটখনৰ গতিক কিছু নিস্প্ৰভ কৰাটো ধৰা পৰা বিধৰ ৷ ভুল-ত্ৰুটিসমূহ শুধৰাই সুন্দৰভাবে নাটখন মঞ্চস্থ হ’লে ভবিষ্যতে ই এখন শ্ৰেষ্ঠ নাটকৰ শাৰীলৈ উন্নীত হ’ব বুলি ক’ব পাৰি ৷ এই প্ৰতিবেদকে নিজেই নাটখন উপভোগ কৰি নাট্যকাৰৰ সৈতে আলোচনা কৰি নাটখনিৰ সুপৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে ৷

প্ৰেৰকঃ ৰূপক বৈশ্য

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *