Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ

নলবাৰী মেডিকেল কলেজৰ নিৰ্মীয়মান কামৰ পৰিদৰ্শন মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ,বৃক্ষৰোপন ৰোপন কাৰ্য্যসূচীও ৰূপায়ণ৷
বৰভাগ ৪জুনঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত  দক্ষিণগাঁৱৰ প্ৰস্থাৱিত ভুমিত নলবাৰী চিকিৎসা মহাবিদ্যালয় পুৰ্ণগতি চলি থকা নিৰ্মাণ কাৰ্য্যৰ আজি অসমৰ স্থাস্থ‍্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই পৰিভ্ৰমণ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপন কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে৷ উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি দুপৰীয়াভাগত মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা সহ গড়কাপ্তানী বিভাগৰ বিষয়াবৰ্গৰ সৈতে  নলবাৰীৰ ঘগ্ৰাপাৰৰ দক্ষিণগাঁৱৰ নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে এই চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত মন্ত্ৰী ড° শৰ্মা,মঙ্গলদৈৰ সাংসদ দিলীপ শ ইকীয়া,নলবাৰীৰ বিধায়ক অশোক শৰ্মাই এজোপাকৈ মুল‍্যৱান গছৰ পুলি ৰোপন কৰে।মন্ত্ৰী শৰ্মাই বৃক্ষৰোপন কৰি কয় যে বৃক্ষ বিহীন পৃথিৱীত মানুহ জীয়াই থকা অসম্ভৱ।বৃক্ষ থাকিলেহে মানুহকে ধৰি জীৱ জন্তু জীয়াই থাকিব।লগতে মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদত এক হাজাৰ বৃক্ষৰোপন কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশক দিয়ে।ইয়াৰ পিছত মন্ত্ৰী শৰ্মাই চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মীয়মানকাৰী সংস্থা,বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ কামৰ অগ্ৰ্গতিৰ খতিয়ান লয়।লগতে মন্ত্ৰী শৰ্মাই নলবাৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়সুচী অনুসৰি সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকললৈ নিৰ্দেশ  জাৰি কৰে।ইফালে মন্ত্ৰীগৰাকীৰ আজি এই পৰিদৰ্শন কালতে স্থানীয় ৰাইজে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মীয়মান বান্ধে খতিসাধন কৰা সন্দৰ্ভত,লগতে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰাৰ বাবে মন্ত্ৰীগৰাকীক এখন আবেদন পত্ৰ প্ৰদান কৰে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *