Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সৰৱ কৃষক নেতা অখিল গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সৰৱ কৃষক নেতা অখিল গগৈ

ষ্টাফৰিপৰ্টাৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সৰৱ কৃষক নেতা অখিল গগৈ। যুটীয়া সংসদীয় সমিতিৰ বিশ্বাসঘাতকতাৰ বিৰুদ্ধে ৪৬টা সংগঠনৰ সহযোগত ২৩ অক্টোবৰত প্ৰতিবাদ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত সংগঠনকেইটাই সাব্যস্ত কৰিব প্ৰতিবাদ। ২৩ অক্টোবৰত নিৰ্ণয় হ’ব অসমৰ ভাগ্য। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অস্তিত্ব নোহোৱা হ’ব অসমীয়াৰ। সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। বাঙালী সংগঠনৰ অভিৱৰ্তন সম্পৰ্কতো মন্তব্য কৃষক নেতাজনৰ। বাঙালী জাতিক ৰক্ষা কৰিবলৈ নহয়, অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত লাগোৱাৰ বাবে অভিৰ্ৱতনৰ আয়োজন। শিলাদিত্য দেৱৰ নেতৃত্বত সংঘাত সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে। এই মন্তব্য কৰিলে অখিল গগৈয়ে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কৃষক নেতাজনে ক’লে জাতীয় নায়ক এতিয়া বিক্ৰী হ’ল দিল্লীৰ ওচৰত। অসমীয়া জাতিক বলিৰ পঠা সজালে মুখ্যমন্ত্ৰীয়ে।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *