Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শিৱসেনাৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শিৱসেনাৰ

 

ষ্টাফৰিপৰ্টাৰ, ৭ জানুৱাৰী,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শিৱসেনাৰ। সংসদত জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিব দলটোৱে। এক বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰিলে শিৱসেনাই। খিলঞ্জীয়াৰ স্বাৰ্থত বিধেয়কৰ বিৰোধিতা কৰিছে অসমে, অসম চুক্তিক নস্যাত্‍ কৰিব খুজিছে বিধেয়কখনৰ দ্বাৰা, এই বিধেয়কখন গৃহীত হ’লে এন আৰ চি অৰ্থহীন হ’ব বুলি বিবৃতিত উল্লেখ কৰিছে দলটোৱে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদ এইবাৰ বিজেপিৰ কাৰ্যালয়ত। ৱমেন ছচাইটী অব আছাম নামৰ সংগঠনটোৰ নেতৃত্বত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে দেওবাৰে পুৱাই ঘেৰাও কৰিলে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ক’লা পতাকা প্ৰদৰ্শন। ৭০টা সংগঠনৰ সদস্যই মুখ্যমন্ত্ৰীগৰাকীক দেখুৱালে ক’লা পতাকা। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত আহোম সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত ৰাজপথত কলা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীগৰাকীক।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *