Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব {সংশোধনী} বিধেয়ক ২০১৬ বাতিলৰ দাবীত 'গণ সত্যাগ্ৰহ '

নাগৰিকত্ব {সংশোধনী} বিধেয়ক ২০১৬ বাতিলৰ দাবীত 'গণ সত্যাগ্ৰহ '

নাগৰিকত্ব {সংশোধনী} বিধেয়ক ২০১৬ বাতিলৰ দাবীত ‘গণ সত্যাগ্ৰহ ‘

গুৱাহাটীত বিশাল প্ৰতিবাদী সমদল

গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুন,, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছুসহ ২৮ সংগঠনৰ গণ সত্যাগ্ৰহ কাৰ্য্যসূচী শুকুৰবাৰে গ্ৰহণ কৰে। মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰলৈ এই উপলক্ষে বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। ‘আহ ঐ আহ… ওলাই আহ’ ধ্বনিৰে কঁপাই তুলিলে মহানগৰীৰ ৰাজপথ। নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে একত্ৰিত হয় অসমৰ ৰাইজ। বিধেয়কখনক লৈ শংকিত হৈছে অসমৰ ৰাইজ। লতাশিল খেলপথাৰত মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ। অসম চৰকাৰক দমন নীতি নচলাবলৈ হুংকাৰ দি ভট্টাচাৰ্যই কয় – পূৰ্বৰ চৰকাৰৰ বহু দমন ওফৰাই দিছে ৰাইজে। চৰকাৰ গঠনৰ পূৰ্বে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা কৈছিল, কিন্তু এতিয়া চৰকাৰ বিপৰীত স্থিতিত। ৰাইজ ৰাজপথত থাকোতেই বিধেয়ক বাতিল কৰক, অন্যথা মন্ত্ৰী-বিধায়কৰ চোতাল পাবগৈ ৰাইজ। এই কাৰ্যসূচীত যথেষ্ট সংখ্যক প্ৰতিবাদকাৰিযে অংশ গ্রহণ কৰে।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *