Sunday , April 5 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ

নাজিৰাত বিজেপি যুৱ মৰ্চাৰ বিধায়ক আমিনুল হুচেইনৰ প্ৰতিকৃতি দাহ
ফাষ্টনিউজ ৰিপৰ্ট নাজিৰা, ১৪ ফেব্ৰুৱাৰী
এইইউডিএফৰ বিধায়ক আমিনুল হুচেইনে আহোম জনগোষ্ঠীক বিদেশী বুলি কৈ বৰ অসম গঢ়া আহোম জাতিক যি তাচিল্য কৰিলে ইয়াৰ প্ৰতিবাদত নাজিৰা চাৰি আলিত বিজেপিৰ যুৱমৰ্চাই বিধায়ক আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰে | নাজিৰা নাট্যমন্দিৰৰ পৰা প্ৰায় দুই সহস্ৰাধিক সদস্যৰ উপস্হিত শোভাযাত্ৰা কৰি আমিনুল ইছলাম হায় হায়, এআইইউডিএফ মুৰ্দাবাদ, বিজেপি জিন্দাবাদ আদি শ্লগান দি নাজিৰাৰ আকাশ বতাহ গৰম কৰি তুলে | কালিৰ এই প্ৰতিবাদী কাৰ্যসুচীত বিজেপি যুৱমৰ্চাৰ কেন্দ্ৰীয় উপসভাপতি ময়ুৰ বৰগোঁহাই, শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিদ্যুত দত্ত, বিজেপি দলৰ জেষ্ঠনেতা বলিন কলিতা, বিজেপি দলৰ নাজিৰা গ্ৰাম্য মণ্ডলৰ সভাপতি অনন্ত হাটীমুৰীয়াই অংশ গ্ৰহন কৰে | ময়ুৰ বৰগোঁহাইয়ে বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ দলক সাৱধান কৰি কয় বৰ অসম গঢ়োতা আহোম জনগোষ্ঠীক কৰা অপমানৰ বাবে ক্ষমা কৰা নহব আৰু ইয়াৰ উচিত প্ৰত্যুতৰ অসমীয়াই দিব |
নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

About Staff Reporter

চাব পাৰে

লায়ন্স ক্লাৱ গুৱাহাটীৰ উদ্যোগত দৰিদ্ৰ লোকৰ মাজত খাদ্য- সামগ্ৰী বিতৰণ

  ষ্টাফৰিপৰ্টাৰ,,,,২ এপ্ৰিল।।।আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে অসহায় আৰু দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ …

Leave a Reply

Your email address will not be published. Required fields are marked *