Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাত বিদ্যালয়তে শিক্ষকৰ যৌন আভিচাৰত লিপ্তৰ অভিযোগ

নাজিৰাত বিদ্যালয়তে শিক্ষকৰ যৌন আভিচাৰত লিপ্তৰ অভিযোগ

নাজিৰাত বিদ্যালয়তে শিক্ষকৰ যৌন আভিচাৰত লিপ্তৰ অভিযোগ । কলংকৃত কৰিলে শিক্ষক সমাজক
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২০ আগষ্ট
নাজিৰা মহকুমাৰ অন্তৰ্গত নাজিৰা শিক্ষাখণ্ড এলেকাৰ অধীনৰ এখন বিদ্যালয়তে এজন শিক্ষকে বিদ্যালয়ৰ কৰ্মৰত এগৰাকী অঙ্গনৱাড়ী কৰ্মীক কোনো নথকাৰ সুবিধা গ্ৰহন কৰি যৌন অভিচাৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে । অভিযোগ মতে নাজিৰা শিক্ষাখণ্ডৰ অধীনৰ পানবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক আমিৰ হুছেইনে বিদ্যালয়ৰে এগৰাকী অঙ্গনৱাড়ী কৰ্মীৰ লগত ১৭-০৭-২০১৯ তাৰিখে বিদ্যালয়ৰ গৰম বন্ধৰ সময়ত বিদ্যালয়ৰ ভিতৰতে শাৰীৰিক অপকৰ্মত লিপ্ত হোৱাৰ সময়তে ধৰা পৰে । ৰাইজৰ অভিযোগ পুৰ্বতেও এই শিক্ষক জনে বিদ্যালয়ৰ এগৰাকী পঞ্চমশ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিছিল বুলি গেলেকী আৰক্ষী থানাত গোচৰ দিছিল আৰু আজি পৰ্য্যন্ত এই ধৰ্ষণৰ গোচৰ চলি আহিছে । উক্ত সময়তে ধৰ্ষণৰ অভিযোগত শাস্তি হিচাবে বিদ্যালয়ৰ পৰা তিনিমাহ চাকৰিৰ পৰা নিলম্বিত কৰিছিল আৰু প্ৰধান শিক্ষক পদৰ পৰা নাম কাটিছিল । পুনৰ একেজন শিক্ষকে বিদ্যালয়ৰ এগৰাকী অঙ্গনৱাড়ী কৰ্মীৰ লগত যৌন অভিষাৰত লিপ্ত হোৱাত হাতেলোতে ধৰা পৰা আজি এমাহ পৰ্য্যন্ত শিক্ষা বিভাগে কোনো ধৰনৰ পদক্ষেপ গ্ৰহন কৰা দেখা নাই । স্থানীয় ৰাইজে যোৱা মাহৰ ২৩ তাৰিখে এই সম্পৰ্কত এক লিখিত অভিযোগ শিক্ষা বিষয়াক দিছিল । জানিবপৰা মতে এই সম্পৰ্কত নাজিৰাৰ মহকুমাধিপতি গৰাকীয়ে এই অভিযুক্ত শিক্ষক জনৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহন কৰিবলৈ শিক্ষা বিষয়াক জনাইছিল যদিও কিহৰ যাদুৰ বাবে আজি তাৰিখলৈকে শিক্ষকজনৰ বিৰুদ্ধে শাস্তি মুলক ব্যৱস্থা লোৱা নাই সেইয়া ৰহস্য জনক । ইফালে নাজিৰা শিক্ষাখণ্ডৰ বিষয়া গৰাকীয়ে তদন্ত কৰি উক্ত ঘটনা সঁচা বুলি জিলা শিক্ষা বিষয়ালৈ এখন প্ত্ৰ প্ৰেৰণ কৰিছিল । কিন্ত নাটকীয়ভাৱে খোদ তদন্তকাৰী শিক্ষা বিষয়া গৰাকীক জিলা শিক্ষা বিষয়া গৰাকীয়ে কিয় মহকুমা প্ৰশাসনক প্ৰথমতে অবগত কৰিলে বুলি কাৰন দৰ্শোৱা জাননী জাৰি কৰি উক্ত নাৰকীয় ঘটনাক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে ।

মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *