Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাত যক্ষ্মাৰোগৰ সজাগতা সভা

নাজিৰাত যক্ষ্মাৰোগৰ সজাগতা সভা

নাজিৰাত যক্ষ্মাৰোগৰ সজাগতা সভা

ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ২৬ ফেব্ৰুৱাৰী

সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰন আঁচনিৰ অধীনত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ গেলেকী গোটৰ উদ্যোগত আজি নাজিৰাৰ হোটেল ভিল্লাত এখনি যক্ষ্মাৰোগ সজাগতা সভা সম্পন্ন হয় । এই সজাগতা সভাত জিলা বিষয়া ডা০ উদয়াদিত্য ৰাজকোঁৱৰে উপস্থিত সংৱাদকৰ্মী সকলক যক্ষ্মাৰোগ কেনেদৰে বিয়পে আৰু ইয়াৰ কেনেদৰে চিকিতসা কৰি ৰোগ নিৰাময় কৰিব পাৰি ইয়াৰ এক বহল বাখ্যা দাঙি ধৰে । উল্লেখযোগ্য যে শিৱসাগৰ জিলাত এই যক্ষ্মাৰোগ ক্ৰমাত বৃদ্ধি পাইছে । সেয়েহে ৰাইজক সজাগতা কৰাৰ লক্ষৰে স্বাস্থ্য বিভাগে ইয়াক নিৰাময় কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত ৰাইজৰ সম্পুৰ্ণ সহায় সহযোগ অবিহনে এই কাম কৰিব পৰা নাযায়, তেনে ক্ষেত্ৰত ৰোগীৰ লগতে ৰাইজকো সজাগ হৈ থাকিবলৈ জনাই স্বাস্থ্য বিভাগৰ কাৰ্যসুচী সমুহত উপস্থিত থাকি ৰোগীৰ ক্ষেত্ৰত কৰিবলগীয়া নিয়ম সমুহ সমাপন কৰিবলৈ অনুৰোধ জনাইছে । আজিৰ এই সজাগতা সভাত নাজিৰা মহকুমা স্বাস্থ্য বিষয়া ডা০ অমৃত শইকীয়া, ডা০ প্ৰদ্যুত কোঁৱৰ, ডা০ প্ৰবীন কোঁৱৰ, ডা০ মুবিদুৰ ৰহমানকে আদি কৰি নাজিৰাৰ প্ৰায় সংখ্যক সংবাদকৰ্মী উপষ্ঠিত আছিল ।
নাজিৰাৰ পৰা
মুনীন্দ্ৰ নাথ শইকীয়া

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *