Friday , October 18 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / নাজিৰাত ৪৭ সংখ্যক আন্তঃ জিলা ভাৰ উত্তোলন প্ৰতিযোগিতাৰ সফল সামৰণি

নাজিৰাত ৪৭ সংখ্যক আন্তঃ জিলা ভাৰ উত্তোলন প্ৰতিযোগিতাৰ সফল সামৰণি

নাজিৰাত ৪৭ সংখ্যক আন্তঃ জিলা ভাৰ উত্তোলন প্ৰতিযোগিতাৰ সফল সামৰণি : ছোৱালীৰ ছাই আৰু ল’ৰাৰ চৰাইদেউ জিলা শ্ৰেষ্ঠ দল |

ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৭ ছেপ্তেম্বৰ

নাজিৰাৰ নাট্য মন্দিৰ প্ৰাংগনত ১৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ৪৭ সংখ্যক আন্ত : জিলা ভাৰ উত্তোলন প্ৰতিযোগিতাখনি ১৬ ছেপ্টেম্বৰত সফল ভাৱে সামৰণি পৰে । এই প্ৰতিযোগিতাখনিত পুৰুষৰ শাখাত চৰাইদেউ জিলাৰ দলে শ্ৰেষ্ঠ দল হিচাপে খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ছোৱালীৰ শাখাত গুৱাহাটীৰ ছাই জিলা দলে শ্ৰেষ্ঠ বিজয়ী সন্মান অৰ্জন কৰে । আনহাতে ২০১৯ বৰ্ষৰ যুৱ ছোৱালীৰ শাখাত শ্ৰেষ্ঠ ভাৰ উত্তোলক হিচাপে বিবেচিত হয় গুৱাহাটীৰ ছাইৰ দিতীমণি সোনোৱাল আৰু যুৱ ল’ৰাৰ শাখাত শ্ৰেষ্ঠ ভাৰ উত্তোলকৰ সন্মান অধিকাৰ কৰে চৰাইদেউৰ সুদিপ্ত বৰুৱাই । ছোৱালাৰ জুনিয়ৰ শাখাত শ্ৰেষ্ঠ ভাৰ উত্তোলক হিচাপে বিবেচিত হয় গুৱাহাটী ছাইৰ দিতীমণি সোনোৱাল আৰু ল’ৰাৰ শাখাত শ্ৰেষ্ঠ ভাৰ উত্তোলকৰ বটা অধিকাৰ কৰে শিৱসাগৰৰ ত্ৰিদিপ বৰুৱাই । ছিনিয়ৰ শাখাৰ ছোৱালীৰ পপী হাজৰিকা ( শিৱসাগৰ ) আৰু ল’ৰাৰ শাখাত চৰাইদেউৰ নিতু তামূলীয়ে ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ ভাৰ উত্তোলকৰ বটা অধিকাৰ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ অন্তত আয়োজক সমিতিৰ সম্পাদক অসীম দত্তই আত ধৰা মুল বঁটা বিতৰণী সভাত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা , শিৱসাগৰ জিলা ভাৰ উত্তোলন সন্থাৰ সভাপতি তন্ময় গোহাঞি আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিজয়ী ভাৰ উত্তোলক সকলক বটা সমূহ প্ৰদান কৰে । নাজিৰাত অনুষ্ঠিত এই প্ৰতিযোগিতাখন সফল ভাৱে সমাপ্তহোৱাৰ বাবে সমুহ নাজিৰাবাসীৰ লগতে প্ৰতিযোগিতাত অংশ গ্ৰহন কৰা খেলুৱৈ সকলৰ লগতে বিচাৰক সকলক শলাগ জ্ঞাপন কৰে আয়োজক সমিতিৰ সম্পাদক অসীম দত্তই ।

মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ

বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অসমৰ খেলুৱৈৰ অংশগ্ৰহণ। পঙ্কজ নাথ, চাংসাৰি, ৫ অক্টোবৰ : উত্তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *