Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাৰ এহেজাৰ মহিলাক কুকুৰা আৰু তাতঁশাল বিতৰণ

নাজিৰাৰ এহেজাৰ মহিলাক কুকুৰা আৰু তাতঁশাল বিতৰণ

“আশ্ৰয়”ৰ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণৰ পদক্ষেপ ::

নাজিৰাৰ এহেজাৰ মহিলাক কুকুৰা আৰু তাতঁশাল বিতৰণ ::

ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ১৬ ছেপ্তেম্বৰ

নাজিৰাৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন “আশ্ৰয়”য়ে নাজিৰা মহকুমাৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক তথা গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে কিছুমান অভিলাসী আচঁনি গ্ৰহন কৰিছে । বিজেপিৰ যুৱনেতা ময়ুৰ বৰগোঁহায়ে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে সংগঠনটোৱে প্ৰাথমিক পৰ্য্যায়ত গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী কৰাৰ ওপৰত মনোনিবেশ কৰিবলৈ প্ৰয়াস কৰিছে ।সেই মৰ্মে নাজিৰাত অনুস্থিত এক অনুষ্ঠানত এহেজাৰ গৰাকী মহিলাক উন্নত জাতৰ কুকুৰা আৰু বিশটা মহিলা গোটক তাঁতশাল বিতৰণ কৰে। তদুপৰি অহা ২ডিচেম্বৰৰ ভিতৰত নাজিৰা মহকুমাৰ ৭হেজাৰ মহিলাৰ মাজত কুকুৰা বিতৰণ কৰিব বুলি ঘোষণা কৰে। গোপাল বৰুৱাৰ সভাপতিত্বত আশ্ৰয়ৰ কাৰ্য্যকৰী সভাপতি মুনীন্দ্ৰ নাথ শ‌ইকীয়াই আঁতধৰা এই অনুষ্ঠানত যোৰহাটৰ সাংসদ তপন গগৈ, নাজিৰা মহকুমাধিপতি ৰাজীৱ থাপা, বিজেপিৰ জিলা সভানত্ৰী সুৰভী ৰাজকুমাৰী, শিক্ষাবিদ ৰাজেন শৰ্মা, অশ্বিনী চেতিয়া,মানস সন্দিকৈ, চৰিফ আলি,বলিন কলিতা, অসমী গগৈ বৰুৱা, ৰজনী বৰগোহাঞি, অনিল তাঁতি উপস্থিত থাকি এই কুকুৰা সমুহৰ লগতে তাঁতশাল পোৱালি বিতৰণ কৰে । পশু চিকিৎসক ডঃ জগদীশ বৰ্মন উপস্থিত থাকি কুকুৰা পোঁহাৰ প্ৰক্ৰীয়াৰ বিষয়ে উপস্থিত হিতাধীকাৰী সকলক এক প্ৰশিক্ষণ দি উপকাৰ কৰে । উল্লেখযোগ্য যে “আশ্ৰয় ” ৰ লগতে যুৱনেতাজনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় যোৰহাট সংষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ।

মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *