Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা

নাজিৰাৰ শিমলুগুৰিত উৰিল নিষিদ্ধ সংগঠন আলফাৰ পতাকা
ফাষ্টনিউজ ৰিপৰ্ট , নাজিৰা, ১০ ডিচেম্বৰ
ৰাজ্যত কেবৰ বিৰুদ্ধে জোৰদাৰ আন্দোলন চলি থকাৰ সময়তে আজি শিমলুগুৰিৰ গড়মুৰ চাৰিআলিত পতক্ষ কৰা হল অসমৰ নিষিদ্ধ সংগঠন আলফাৰ পতাকা | শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ কাষত অৱস্হিত লাকুৱা সংযোগী গড়মুৰ চাৰিআলিত আলফাৰ পতাকা দেখাৰ লগে লগে আৰক্ষী আহি পতাকাখন উঠাই লৈ যায় | যি সময়ত ৰাজ্য চৰকাৰৰ পুৰ্ন সহযোগিতাত কেন্দ্ৰীয় চৰকাৰে জাতিধংসী নাগৰিকত্ব সংশোধনী বিল লোকসভাত গৃহীত কৰি অসমত লাখ লাখ হিন্দু শৰনাৰ্থীক সংস্হাপন দিবলৈ চেষ্টা কৰিছে সেই সময়তে আলফাই পতাকা উৰুৱাই নিজৰস্হিতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে | অসমত আলফাৰ শক্তি এতিয়াও আছে আজিৰ ঘটনাই স্পষ্ট কৰিলে |
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *