Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কাব্য জিজ্ঞাসা আৰু কবিকণ্ঠ অনুষ্ঠান সম্পন্ন

নাজিৰা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কাব্য জিজ্ঞাসা আৰু কবিকণ্ঠ অনুষ্ঠান সম্পন্ন

নাজিৰা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কাব্য জিজ্ঞাসা আৰু কবিকণ্ঠ অনুষ্ঠান সম্পন্ন

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

অসমত এক সুস্থ কাব্যিক পৰিমণ্ডল সৃষ্টি কৰাৰ মানসেৰে সদৌ অসম কবি সন্মিলনে পাদপ্ৰদীপৰ অন্ধকাৰত থকা প্ৰতিভাসম্পন্ন কবি সকলক একত্ৰিত কৰি বিগত বত্ৰিছ বছৰীয়া কাব্যিক যাত্ৰাৰ অংশ স্বৰূপে কালি ইংৰাজী যোৱা দেওবাৰে জতকীযা়ৰ নৱজ্যোতি নামদাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত আৰু নাজিৰা কবি সন্মিলনৰ উদ্যোগত “কাব্য জিজ্ঞাসা আৰু কবিকণ্ঠ” শীৰ্ষক কবিতাৰ কৰ্মশালা! আৰু কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে সুন্দৰ ভাৱে অনুষ্ঠিত হয়। নাজিৰা কবি সন্মিলনৰ সম্পাদক সুৰেশ ভূঞাই আঁত ধৰা অনুষ্ঠানত কবি সন্মিলনৰ পতাকা উত্তোলন কৰে সভাপতি তথা তৰুণ চন্দ্ৰ নাথে, স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, লেখিকা ৰুণিমা গগৈয়ে। উক্ত অনুষ্ঠানতে যোৱা ৪ আগষ্টত ঐতিহাসিক কাৰেং বাকৰিত শুভাৰম্ভ হোৱা “গছ থাকিলেহে জীৱ থাকিব” শীৰ্ষক পৰিবেশ সংৰক্ষণ আৰু সজাগতা অনুষ্ঠান জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত শৰ্মা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সুৰজ কৰ্মকাৰৰ বৃক্ষৰোপণ কাৰ্যসূচীৰে সফল সমাপ্তি কৰে।সমল ব্যক্তি হিচাবে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি মানিক শইকীয়া আৰু বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়াই কবিতাৰ প্ৰকাৰ, আংগীক উপাদান, শব্দ-ভাষাৰ প্ৰয়োগ, আবৃত্তি শৈলী, কণ্ঠস্বৰ, অনুশীলন আদিৰ সম্পৰ্কে বিতংভাবে ব্যাখ্যা কৰে। আদৰণি ভাষণ প্ৰদান কৰি প্ৰধান সম্পাদক উজ্জ্বল পাওগামে কবি সন্মিলনৰ লক্ষ্য-উদ্দেশ্য, বৰ্তমানৰ কাৰ্যক্ৰমণিকা আৰু পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। তেওঁ নাজিৰা কবি সন্মিলনক ভূয়সী প্ৰশংসা কৰি কয় যে নাজিৰা কবি সন্মিলনে অতি কম দিনৰ ভিতৰতে এটা উল্লেখযোগ্য শাখালৈ পৰিগণিত হৈছে। তেওঁ নাজিৰা কবি সন্মিলনৰ অন্তৰ্গত সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য হিচাপে স্বীকৃতি লাভ কৰা ১৯ জন কবিক স্বীকৃতি পত্ৰ প্ৰদান কৰে। বিশিষ্ট কবি, গল্পকাৰ পুষ্প ৰাজকুমাৰীয়ে হৰেণ চন্দ্ৰ নাথৰ সম্পাদনাৰে প্ৰকাশিত “প্ৰতীতি”ৰ দ্বিতীয় বছৰৰ প্ৰথম সংখ্যা তথা সমাজ সংগঠক, শিক্ষাবিদ “আব্দুল ওহাব শ্ৰদ্ধাৰ্ঘ সংখ্যা”টি উন্মোচন কৰে।বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ আৰম্ভণি কোৰাচ , শিশু নৃত্য-শিল্পী তথা কলা মঞ্জৰী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী সৃষ্টিজোনাক গগৈৰ সৃষ্টিশীল নৃত্য, লক্ষীপ্ৰিযা় গগৈৰ আধুনিক নৃত্য, ঋষিৰাজ নাথৰ কবিতা আবৃত্তিৰ লগতে কেইবাজনো কবিৰ স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটো সৰ্বাংগসুন্দৰ কৰি তোলে।নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰাৰ বাবে কবি গুণ মৰাণ আৰু নাজিৰা কবি সন্মিলনৰ জন্মলগ্নৰে পৰা শাখাটোৰ সতে জড়িত হৈ কাব্য ক্ষেত্ৰ খনলৈ দেখুওৱা কাব্যিক স্পৃহাক উদগনি জনোৱাৰ মানসেৰে কিশোৰ কবি দৃষ্টিমা গগৈক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। কবি জনম খনিকৰৰ উল্লেখনীয় কাব্য প্ৰতিভাৰে বিভিন্ন বঁটা, সন্মান প্ৰাপ্তিৰ গৌৰৱ কবি সমাজলৈ কঢ়িয়াই অনাৰ বাবে তেখেতক আৰু নাজিৰা কবি সন্মিলনৰ ২০১৮ বৰ্ষত “শ্ৰেষ্ঠ কৰ্মী সন্মান” লাভ কৰা ভৱানন্দ বডা়ক গ্ৰন্থৰ টোপোলা, অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱা হয় ।অনুষ্ঠানত সদৌ কবি সন্মিলনৰ কাৰ্যনিৰ্বাহ সদস্য মনোজ নেওগ, জিলা সভাপতি হৰেণ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে সমাজসেৱক ক্ষেত্ৰধৰ গগৈ, আজিত খাটনিয়াৰ, বিচিত্ৰা বৰা ভূঞা, উমেশ চন্দ্ৰ গগৈ, ৰবীন বৰঠাকুৰ, অপূৰ্ব কুমাৰ চেতিযা়, বিশ্বজিৎ নাথ, মঞ্জু ঘৰফলীয়া বডা়, আদি বহু গন্য-মান্য ব্যক্তিৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।নাজিৰা কবি সন্মিলনৰ তৰফৰ পৰা অতিথিসকলক আৱাহনী পত্ৰ আৰু কৰ্মশালাত উপস্থিত সদৌজনকে একোখন কৈ মানপত্ৰ প্ৰদান কৰা হয়। শেষত কবি সন্মিলনৰ কাব্যমন্ত্ৰ পাঠ কৰি পতাকা অৱনমনেৰে অনুষ্ঠানৰ সফল সমাপন কৰা হয়।

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *