Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নাটশালাৰ মুকলি কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

নাটশালাৰ মুকলি কবিতা আবৃত্তি প্ৰতিযোগিতা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ : স্থানীয় বিষ্ণু নিৰ্মলা ভৱন ৯ছেপ্টেম্বৰ ত প্ৰেক্ষাগৃহত নাটশালাৰ দ্বাৰা আয়োজিত গনকবি অৱনী চক্ৰৱৰ্তীৰ ‘পুৰণি এটা কবিতাৰ গাত আঁউজি’ শীৰ্ষক কবিতাটিৰ মুকলি আবৃত্তি প্ৰতযোগিতাখন সফল ভাৱে সমাপ্ত হয় | শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা কৰা এই প্ৰতিযোগিতাখন উদ্বোধন কৰে কবি গৰাকীৰ সহধৰ্মিনী গায়ত্ৰী চক্ৰৱৰ্তীয়ে |ঋত্বিক ৰূপম শৰ্মা আৰু মৃনাল শইকীয়াই আঁত ধৰা প্ৰতিযোগিতাখনত আদৰণি ভাষণ আগবঢ়ায় নাটশালাৰ সভাপতি ভূপেন বৰকটকীয়ে |কবি কৌস্তুভমনি শইকীয়া আৰু আবৃত্তিকাৰদ্বয় ক্ৰমে চিন্ময়ী গোস্বামী আৰু ইন্দ্ৰজিত দাসে প্ৰায় ছয় ঘন্টা যোৰা প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকি অংকিতা গোস্বামী, চন্দামিতা ঠাকুৰীয়া আৰু চানীশ্ৰেয়া দত্তক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপক বুলি ঘোষণা কৰাৰ উপৰিও পাঁচগৰাকী প্ৰতিযোগীক উদগনিমূলক আৰু এগৰাকীক বিচাৰকৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰে | পুৰস্কাৰ সমূহৰ বাবে নগদ ধনৰ দাতা সৰ্বশ্ৰী হিৰন্ময় গোস্বামী, পৰমেশ্বৰ শৰ্মা আৰু মানৱেন্দ্ৰ শৰ্মা প্ৰমুখ্যে প্ৰতিযোগিতাখনত জড়িত আটাইলৈকে শলাগৰ শৰাই আগবঢ়ায় সমন্বয়ক জগদীশ চন্দ্ৰ গোস্বামীয় | উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত উপস্থিত থকা প্ৰতিজনকে নাটশালাৰ সহযোগত ‘সেৱা’ নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে একোটাকৈ গছ পুলি বিনামূলীয়াকৈ বিতৰণ কৰে।

About Staff Reporter

চাব পাৰে

নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ আগষ্ট।।। নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট(এন ই এফ আই) প্ৰতিষ্ঠানটো সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *