Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ- যাদব  শ‌ইকীয়া

নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ- যাদব  শ‌ইকীয়া

নগাঁও আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত   আইন বিষয়ক  নাট প্ৰদৰ্শনী অনুষ্ঠান সম্পন্ন#
নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ- যাদব  শ‌ইকীয়া

নগাঁও, ১৪ মে’ : সৰ্বসাধাৰণ ৰাইজ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত আইনৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজি নগাঁও জিলা আইনসেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আইন বিষয়ক এক নাট প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি জিলা উপায়ুক্ত যাদৱ শ‌ইকীয়াই কয়, নাটৰ জৰিয়তে ৰাইজক আইনৰ জ্ঞান দিয়াটো এক অভিনৱ পদক্ষেপ। এই জ্ঞান আহৰণ কৰি ছাত্ৰ-ছাত্ৰী সকলে সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ লৈ গলেহে আজি গ্ৰহণ কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য প্ৰকৃতাৰ্থত  সফল হ’ব। উপায়ুক্ত গৰাকীক ছাত্ৰ-ছাত্ৰীক আইনী জ্ঞান দিয়াৰ বাবে গ্ৰহণ কৰা আইন সেৱা প্ৰাধিকাৰীৰ প্ৰচেষ্টাক ভুয়সী প্ৰশংসা কৰি কয়, এয়া সমাজৰ কাৰণে এক যোগাত্মক দিশ। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয়, আইন জনাটো সকলোৰে প্ৰয়োজন। কাৰণ আইন নাজানিলে ন্যায় কেনেকৈ পাব সেয়া জানিব পৰা নাযায়। আইনৰ জৰিয়তেহে এজন ব্যক্তিয়ে নিজৰ সকলো ধৰণৰ অধিকাৰৰ কথা জানিব পাৰি বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয়, বৰ্তমান সময়ত আইনৰ প্ৰাথমিক জ্ঞান জনাটো সকলো নাগৰিকৰ কাৰণে অত্যন্ত প্ৰয়োজন। তেওঁ মানুহৰ মানসিকতাৰ সলনি কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ সময় সমাগত বুলি উল্লেখ কৰে। এনে সজাগতা মুলক কাৰ্যসূচীয়ে সমাজক নিশ্চিত ভাবে উৎসাহিত কৰিব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে মন্তব্য কৰে।  নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত ন্যায়িক দন্ডাধীশ প্ৰনিতা মৰাঙে  আঁত ধৰা অনুষ্ঠানত নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যাক্ষা ড: সুজাতা ভট্টাচাৰ্য্য, বিদ্যালয়খনৰ অধ্যাক্ষা দিপীকা লস্কৰ, বিশিষ্টা অধিবক্তা শ্বেহনাজ বেগম আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্ধোধনী অনুষ্ঠানৰ পিছত নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গাৰ্হস্থ্য সিংসা নিবাৰণী আইন, বাল্য বিবাহ নিসিদ্ধ আইন,  শিশু শ্ৰমিক নিবাৰণ আৰু ব্যৱস্থাপনা আইন, মানসিক স্বাস্থ্য পৰিচৰ্যা আইন, জন্মৰ আগত ভ্ৰণ অৱস্থা নিৰূপান কৌশল অপব্যৱহাৰ নিষেধ আইন আৰু জ্যেষ্ঠ নাগৰিক তত্বাৱধান আইন আদি বিষয়ৰ ওপৰত নাট প্ৰদৰ্শন কৰে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *