Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নালন্দা পাব্লিক স্কুল, নলবাৰীৰ ব্যতিক্ৰমী ৰূপেৰে বিদ্যালয় সপ্তাহৰ সফল সামৰণি

নালন্দা পাব্লিক স্কুল, নলবাৰীৰ ব্যতিক্ৰমী ৰূপেৰে বিদ্যালয় সপ্তাহৰ সফল সামৰণি

নালন্দা পাব্লিক স্কুল, নলবাৰীৰ ব্যতিক্ৰমী ৰূপেৰে বিদ্যালয় সপ্তাহৰ সফল সামৰণিঃ
ৰূপক বৈশ্য, নলবাৰী

ৰূপক বৈশ্য, নলবাৰী, ৭ নবেম্বৰঃ সম্পূৰ্ণ সাতটি দিনেই ভিন্ ভিন্ কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত নানান ধৰণৰ প্ৰতিযোগিতাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক তথা সামাজিক দায়বদ্ধতাক উন্নীত কৰাৰ উদ্দেশ্যে নলবাৰীৰ আগশাৰীৰ ব্যক্তিগত মাধ্যমৰ চিবিএচছি নালন্দা পাব্লিক স্কুলে উদযাপন কৰে বিদ্যালয় সপ্তাহ ৷ এইক্ষেত্ৰত নিঃসন্দেহে বিদ্যালয়খনৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনৰ প্ৰচেষ্টা শলাগিবলগীয়া ৷ লগতে উপাধ্যক্ষ অজয় কুমাৰ জৈন পৰিচালনা সমিতিৰ সম্পাদক সঞ্জয় কুমাৰ জৈন তথা সমগ্ৰ নালন্দা পাব্লিক স্কুল পৰিয়ালৰ ত্যাগো সমানে উল্লেখনীয় ৷ নলবাৰীৰ মাজমজিয়াৰ জাপাৰকুছিস্থিত ইংৰাজী মাধ্যমৰ বিদ্যালয়(চি.বি.এচ.চি.) নালন্দা পাব্লিক স্কুলে প্ৰতিবছৰে উদযাপন কৰি অহাৰ দৰে এইবেলিও ১ নবেম্বৰৰ পৰা ৭ নবেম্বৰলৈ ত্ৰয়োদশ বিদ্যালয় সপ্তাহ উদযাপন কৰিছে ৷ পতাকা উত্তোলনেৰে বিদ্যালয় সপ্তাহৰ আৰম্ভণি কৰে অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনে ৷ বিদ্যালয় সপ্তাহৰ উদ্বোধক হিচাপে উপস্থিত থাকি নলবাৰী জিলা আৰক্ষী অধীক্ষক অমনজিৎ কৌৰে কয় ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নতিয়েহে এখন ভাল সমাজ গঠন কৰিব পাৰে, সেয়ে শিক্ষক সমাজৰ দায়িত্ব অপৰিসীম বুলি প্ৰকাশ কৰি বিদ্যালয় কতৃপক্ষৰ শলাগ লয় ৷ ইংৰাজী মাধ্যমৰ হোৱা সত্বেও বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰীক অসমৰ বিখ্যাত মনীষী কেইগৰাকীমানৰ নামেৰে শঙ্কৰদেৱ হাউছ, লক্ষ্মীনাথ বেজবৰুৱা হাউছ, জ্যোতিপ্ৰসাদ হাউছ, বিষ্ণুপ্ৰসাদ ৰাভা হাউছ, ড৹ ভূপেন হাজৰিকা হাউছ আৰু মাডাৰ টেৰেছা হাউছ নাম দি মুঠ ছয়টি সাংস্কৃতিক গোটত বিভক্ত কৰে যিটো অৱশ্যেই স্বীকাৰ্য ৷ বিদ্যালয় সপ্তাহৰ লগত সঙ্গতি ৰাখিয়েই বিদ্যালয় প্ৰাঙ্গনতেই অসম প্ৰকাশন পৰিষদৰ দ্বাৰা পৰিচালিত এখনি গ্ৰন্থমেলাৰো আয়োজন কৰাতো অন্য এক ব্যতিক্ৰমী পদক্ষেপ ৷ প্লাষ্টিকৰ পৰা হৈ থকা প্ৰদূষণৰ বাবে সজাগতাৰ সূষ্টি কৰি বিভিন্ন ধৰণৰ বেনাৰেৰে প্ৰচাৰ চলোৱাতো যেন বিদ্যালয়খনৰ নিয়মিত দায়িত্ব ৷ আজি অনুষ্ঠিত হৈ যোৱা বিদ্যালয়খনৰ বঁটা বিতৰণী সভাত নিৰ্দিষ্ট বক্তাৰূপে আসন অলংকৃত কৰে কামৰূপ কলেজ, চামতাৰ প্ৰাক্তন অধ্যক্ষ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ প্ৰমোদ হালৈয়ে ৷ এই বিদ্যালয় সমগ্ৰ নলবাৰীৰ ভিতৰতে ব্যতিক্ৰম এইবাবেই যে বঁটা বিতৰণী সভাখন সভাপতিত্ব কৰে সেই বিদ্যালয়ৰে দশম শ্ৰেণীৰ ছাত্ৰ দেৱৰ্ষি দাসে ৷ বিভাগীয় দায়িত্বৰ খাতিৰত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী সভাখনত উপস্থিত থাকিব নোৱাৰিলে ৷ সভাত ড৹ হালৈয়ে বক্তব্যত প্ৰকাশ কৰি কয় নাগৰিক হোৱাটো সহজ, সু-নাগৰিক হোৱাটোহে কঠিন ৷ পুৰণি কালত গুৰুকুল ব্যৱস্থাত শিক্ষাপদ্ধতি আছিল অতি গভীৰ আৰু তাৎপৰ্যপূৰ্ণ ৷ এই পদ্ধতিৰে আমাৰ শিক্ষা ব্যৱস্থা আগুৱাই গ’লেহে আমি আদৰ্শবান ছাত্ৰ-ছাত্ৰী আশা কৰিব পাৰিম ৷ সভাত কবিতা মমতাৰ চিঠি কবিতাটি আবৃত্তি কৰে শ্ৰেষ্ঠা আবৃত্তিকাৰ দিক্ষীতা অলম্যানে ৷ সন্ধিয়া ৬ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে শিল্পী উপেন শৰ্মাই ৷ বিদ্যালয়খনিৰ বিশেষ শুভাকাংক্ষী ৰূপক বৈশ্যই বিদ্যালয়খনত নিজেই উপস্থিত হৈ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে ৷

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *