Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতালত অনুস্থিত হৈ যায় অৰ্থ ‘পেডিক্স ক্লিনিক

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতালত অনুস্থিত হৈ যায় অৰ্থ ‘পেডিক্স ক্লিনিক

 

পঙ্কজ নাথ, চাংসাৰি, ৫ এপ্ৰিল :

কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় চৌহদত আজি শুক্ৰবাৰে বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি অৰ্থ’ পেডিক্স ক্লিনিক অনুষ্ঠিত হৈ যায়। ইয়াত ৰোগীসকলক চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱা হয়। বিশেষজ্ঞ চিকিৎসক ডাঃ সমৰজিৎ খনিকৰ ডাঃ ডিকী ৰিছাৰ্ড মাৰাকৰ তত্বাৱধানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰোগীৰ সকলক আজি বিনামূলীয়া চিকিৎসা প্ৰদান হয়। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়ত বিগত বছৰবোৰত অস্থি ৰোগৰ অতি জটিল তথা বিৰল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল। আজি সাংবাদ কৰ্মীৰ উপস্থিতিত সফল অস্ত্ৰোপচাৰ পাছত সম্পূৰ্ণ আৰোগ্য লাভ কৰা ৰোগীৰ লগত এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰোগী সকলে চিকিৎসক আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ক উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত চিকিৎসালয়খনৰ পৰা জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে আৰোগ্য লাভ কৰা সকলো ৰোগীকে সম্বৰ্ধনা জনোৱা হয় লগতে চিকিৎসালয় কতৃপক্ষই উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সংকল্পবদ্ধতাৰ কথা উপস্থিত ৰাইজৰ সন্মুখত জনোৱাত সকলোৱে চিকিৎসালয় খনৰ মাণ্ডদণ্ড অতি উন্নত মানৰ হোৱাৰ আশা প্ৰকাশ কৰে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *