Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন বিৰল ৰোগৰ*_

নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন বিৰল ৰোগৰ*_

 

ষ্টাফৰিপৰ্টাৰ, ০২ ডিচেম্বৰ, – পুনৰ এক বিৰল ৰোগৰ সফল চিকিৎসা তথা অস্ত্ৰোপচাৰ সম্পন্ন কৰি চিকিৎসাক্ষেত্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল, গুৱাহাটীয়ে। অলপতে চিকিৎসালয়খনৰ জিআই ছাৰ্জাৰী বিভাগে ‘অৰিয়েণ্টেল কোলাঞ্জিঅ’ হেপাটাইটিছ’ শীৰ্ষক এক অতি বিৰল ৰোগৰ চিকিৎসা সফলতাৰে সম্পন্ন কৰে।

ঘটনাৰ বিৱৰণী মতে, কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰিৰ এগৰাকী ১৮ বছৰীয়া যুৱতীক অলপতে পেটৰ বিষ আৰু জণ্ডিচৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ধাৰাবাহিকভাৱে পেটৰ বিষত ভুগি থকা যুৱতীগৰাকীক জি আই ছাৰ্জাৰী বিভাগত ভৰ্তি কৰোৱা হয়। প্ৰাৰম্ভিক পৰীক্ষাৰ পিছতেই যুৱতীগৰাকীৰ দেহতত অৰিয়েণ্টেল কোলাঞ্জিঅ’ হেপাটাইটিছ নামৰ ৰোগবিধৰ উপস্থিতি ধৰা পৰে। উল্লেখ্য যে এই ৰোগবিধ দক্ষিণ পূৱ এছিয়াৰ দেশবোৰত সচৰাচৰ দেখা যায় যদিও ভাৰতত ইয়াৰ উপস্থিতি তেনেই বিৰল, আনকি উত্তৰ-পূৱ ভাৰতত তাতকৈও বিৰল। সাধাৰণতে এই ৰোগত পিত্তনলীৰ লগতে পিত্তস্থলী আৰু যকৃতত ভালেমান পাঁথৰৰ উপস্থিতি পোৱা যায়।

এই বিৰল ৰোগ দেহত ধৰা পৰাৰ পিছতেই ৰোগীগৰাকীৰ পেটত এক অস্ত্ৰোপচাৰ কৰা হয় আৰু তেওঁৰ ৰোগাক্ৰান্ত পিত্তনলীডাল অতিৰিক্ত আৰু ইনট্ৰাহেপাটিক পিত্ত নলী আৰু পিত্তস্থলীৰ পুনৰ নিৰ্মাণ কৰাৰ যোগেদি ইয়াত থকা আটাইবোৰ পাঁথৰ আঁতৰোৱা হয়। উল্লেখ্য যে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে হাস্পতালখনৰ বিশেষজ্ঞ ছাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰোল’জিষ্ট ডাঃ দিগবিজয় শৰ্মা আৰু বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ ছৈয়দ ৱাছিমে। সাধাৰণতে বৃক্কৰ পাঁথৰ আঁতৰাবৰ বাবে ব্যৱহাৰ কৰা নেফ্ৰ’স্কোপৰ ব্যৱহাৰেৰে দুয়োগৰাকী শল্য চিকিৎসকে এক অভিনৱ পদ্ধতি অৱলম্বন কৰে এই অস্ত্ৰোপচাৰৰ সময়ত। ইফালে এই অস্ত্ৰোপচাৰৰ সময়ত ডাঃ ইমদাদ হুছেইন আৰু ডাঃ স্বপ্নীল বাৰ্মাই এনাষ্ঠেছিয়া প্ৰদান কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, অতি সংকটজনক পৰিস্থিতিত চিকিৎসালয়ত ভৰ্তি কৰোৱা ৰোগীগৰাকীক সুস্থ শৰীৰে অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাচ দিন পিছতে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

চিকিৎসক ডাঃ দিগ্বিজয় শৰ্মাই এই সন্দৰ্ভত কয় যে অতি বিৰল ৰোগ হোৱা বাবে আৰু যকৃতৰ পৰা একাধিক পাঁথৰ আঁতৰ কৰাৰ দৰে কামৰ বাবে এনেবোৰ অস্ত্ৰোপচাৰত ভালেখিনি জটিলতা আহি পৰিছিল। আনহাতে পিত্তনলী পুনৰ সুস্থ কৰি তোলাটোও আছিল এক জটিল প্ৰত্যাহ্বান।

উল্লেখ্য যে ডাঃ দিগ্বিজয় শৰ্মাৰ নেতৃত্বত চিকিৎসালয়খনৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টাৰ’ল’জী বিভগটোৱে গুৰুতৰ জিআই কেন্সাৰ ছাৰ্জাৰীৰ লগতে জটিল গেষ্ট্ৰ’ইণ্টেষ্টিনেল ঘটনাবোৰ ধাৰাবাহিকভাৱে আৰু সফলতাৰে সম্পন্ন কৰি আহিছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *