Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / সাহিত্য / নিষ্ফল উৎসৱ” উন্মোচন

নিষ্ফল উৎসৱ” উন্মোচন

 

ষ্টাফৰিপৰ্টাৰ, ৫ নৱেম্বৰ, ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত মঙলবাৰে উন্মোচন কৰা হয় অলকেশ কলিতাৰ নৱতম কাব্যপুথি “নিষ্ফল উৎসৱ” ৷ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা পুথিখন উন্মোচন কৰে বিশিষ্ট কবি আনিছ উজ জামান আৰু নীলিম কুমাৰে ৷ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আয়োজিত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কবি ৰাজীৱ বৰুৱা, শ্বাশ্বতী গোস্বামী আৰু অসীম কুমাৰ কাৰ্জী ৷ “নিষ্ফল উৎসৱ”ৰ শুভ উন্মোচনীৰ পাছত নীলিম কুমাৰে কয় ” ৰ’লা বাৰ্থে কৈছিল, কিতাপ এখন প্ৰকাশ পোৱাৰ লগে লগে কবিগৰাকীৰ মৃত্যু হয় ৷ গতিকে পৰৱৰ্তী গ্ৰন্থখন লিখিবলৈ কবিৰ পুনৰ জনম হ’ব লাগিব ৷ অলকেশ তেনে এজন কবি আৰু তেওঁৰ পৰিক্ৰমাটো আমি কৌতূহলেৰে নিৰীক্ষণ কৰিম ৷ ” ঋতুপৰ্ণ দাসে আঁত ধৰা অনুষ্ঠানটিত অলকেশ কলিতাৰ এটি কবিতা পাঠ কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন আলোচনী সম্পাদক হিমাক্ষী বৰাই ৷

About Staff Reporter

চাব পাৰে

লেখিকা, গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” “ৰক্তৰাগ” উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ ; লেখিকা গল্পকাৰ বিনীশা দেৱীৰ নৱতম উপন্যাস” ৰক্তৰাগ” দেওবাৰে গুৱাহাটী প্ৰেছ …

Leave a Reply

Your email address will not be published. Required fields are marked *