Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নিৰ্বাচনী সভাত মনিমাধৱ মহন্তক কলিয়াবৰ হাতীমূৰীয়া মথাউৰিৰ কাম কোনে কৰিছিল বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

নিৰ্বাচনী সভাত মনিমাধৱ মহন্তক কলিয়াবৰ হাতীমূৰীয়া মথাউৰিৰ কাম কোনে কৰিছিল বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

নিৰ্বাচনী সভাত মনিমাধৱ মহন্তক কলিয়াবৰ হাতীমূৰীয়া মথাউৰিৰ কাম কোনে কৰিছিল বুলি প্ৰশ্ন সাংসদ গৌৰৱ গগৈ : গোলাঘাট: লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ যেন বোকা ছটিওৱা খেলৰ প্ৰতিযোগিতা হৈছে। প্ৰাৰ্থীসকলে প্ৰতিখন নিৰ্বাচনী সভাতে পূৰ্বৰ দৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটাৰৰ মন আকৃষ্ট কৰাৰ প্ৰয়াস এই নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ বুলি ক’ব পাৰি। লগতে বিৰোধী দল প্ৰতি বোকা ছটিওৱাৰ বাক্যবাণ উল্লেখনীয়। কলিয়াবৰ লোকসভাৰ সাংসদ তথা আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা গৌৰৱ গগৈয়ে গোলাঘাটৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী সভাত অংশ লৈ আছে। জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ সহযোগত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে কালি গমাৰী ব্লক কংগ্ৰেছৰ দ্বাৰা আয়োজিত এক বিশাল জনসভাত অংশ গ্ৰহণ কৰাৰ পিছতে গোলাঘাটৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত নগৰ ব্লক কংগ্ৰেছৰ দ্বাৰা আয়োজিত দলীয় কৰ্মীসভাত অংশ ল’য়। একেদৰে আজি গোলাঘাটৰ মেৰাপানী অঞ্চলত অনুষ্ঠিত নিৰ্বাচনী সভাৰ পৰা সাংসদজনে প্ৰতিদ্বন্দী প্ৰাৰ্থী মনিমাধৱ মহন্তক কটাক্ষ কৰি কয় যে , কেৱল কংগ্ৰেছহে এনে এটা দল যি সদায় ৰাইজৰ কথা চিন্তা কৰি আহিছে। যাৰ বাবে কলিয়াবৰ লোকসভা সমষ্টিত তেওঁৰ জয় নিশ্চিত। মনিমাধৱ মহন্তক উদ্দেশ্যে কৰি সাংসদ গৰাকীয়ে এইবুলিও কটাক্ষ কৰে যে , যি ৰাইজৰ হৈ কাম কৰাৰ কথা চিন্তা নকৰি “আমি কাক বিয়া কৰাও, কি খাওঁ সেইবোৰহে নজৰ দি থাকে। মনিমাধৱ মহন্তৰ নিজৰ ভাতৃয়ে কি কাম কৰিছে ,খবৰ লবলৈ সাংসদজনে আহ্বান জনোৱাৰ লগতে কলিয়াবৰ হাতীমূৰীয়া মথাউৰিৰ কাম কোনে কৰিছে বুলিও প্ৰশ্ন তোলে।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *