Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নিৰ্বাচনৰ ফলাফল দিনাই চাংসাৰীত শোকাৱহ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে ৪ জন নিহত

নিৰ্বাচনৰ ফলাফল দিনাই চাংসাৰীত শোকাৱহ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে ৪ জন নিহত

নিৰ্বাচনৰ ফলাফল দিনাই চাংসাৰীত শোকাৱহ পথ দুৰ্ঘটনাত ঘটনাস্থলীতে ৪ জন নিহত।

পঙ্কজ নাথ, চাংসাৰি, ২৩ মে :

নিৰ্বাচনৰ ফলাফল দিনটোতে শোকাৱহ পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হল চাংসাৰিত । কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰী থানাৰ অধীনস্থ ডোৰাকহঁৰাত
আজি পুৱা প্ৰায় ৫.৪৫ বজাত
এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত খবৰ মতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত আৰ্মী কেম্পৰ সমীপত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এচ ২৫ ডিচি ৮৬৬০ নম্বৰৰ সামগ্ৰী কঢ়িওৱা বাহন এখনে ৰখি থকা অচিনাক্ত ট্ৰাকৰ পিছফালে খুন্দিয়ায়। যাৰ ফলত ঘটনাস্থলীতে বাহনখনৰ আৰোহী চাৰিজনৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোত ঘটনাস্থলীত ঠিতাতে নিহত হোৱা ছিপাঝাৰৰ বিজুলী বাৰীৰ সাবিত্ৰী দাস (৩৮), ফুলুং ৰ প্ৰাঞ্জল বড়ো (২০), হাজো বাকটাৰ অমৰ দাস(২৪) জয়গুৰু নুমলিজলাহৰ অটল ৰায়ৰ (১৬) মৃতদেহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *