Wednesday , May 22 2019
Home / আঞ্চলিক / নিৰ্বাচন আমিও পাতিছিলো আৰু জিকিছিলো–তৰুণ গগৈ

নিৰ্বাচন আমিও পাতিছিলো আৰু জিকিছিলো–তৰুণ গগৈ

 

ষ্টাফৰিপৰ্টাৰ, “নিৰ্বাচন আমিও পাতিছিলো আৰু জিকিছিলো- বিজেপিয়ে কোৱা ভাল দিন আহিল নে নাই তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব পঞ্চায়ত নিৰ্বাচনত, বিজেপিয়ে ক’বই নোৱাৰে তেওঁলোক জিকিব নে নাই।’- পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য প্ৰাক্তন মু্খ্যমন্ত্ৰী তৰুণ গগৈৰ। ‘গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈও যি সংগ্ৰাম কৰিবলগা হৈছিল সেইটোৱে কয় ভাল দিন আহিল নে নাই, বৰ্তমানৰ চৰকাৰখনে পঢ়ুৱৈৰ সংখ্যা বিচৰা নাই, ৰাজনীতি নহয় প্ৰতিটো দিশত অসম উজ্বল হোৱাতো বিচাৰো, ভাষা-সংস্কৃতি জীয়াই ৰাখিবলৈ এনে গ্ৰন্থমেলা পাতিব লাগিব।’- উঃ-পূব গ্ৰন্থমেলাক লৈও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
আজি সন্ধিয়া ৬.১৫ বজাত গুৱাহাটীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা উত্তৰ পূৱ গ্ৰন্থমেলাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অন্তৰংগ আলাপ অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে।

About Staff Reporter

চাব পাৰে

ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

  ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তই সোম বাৰে এখন সংবাদমেলৰ আয়োজন কৰে। …

Leave a Reply

Your email address will not be published. Required fields are marked *