Friday , April 3 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নিৰ্ভয়া কাণ্ডক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি

নিৰ্ভয়া কাণ্ডক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি

 

ষ্টাফৰিপোৰ্টাৰ, ৫ ফেব্ৰুৱাৰী : নিৰ্ভয়া কাণ্ডক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। চাৰিওজন দোষীক আইনী বিকল্পৰ বাবে এসপ্তাহৰ সময় দিলে আদালতে। আদালতে কয়, হাইক’ৰ্টৰ আবেদন হাইক’ৰ্টতে নিষ্পত্তি কৰা হওক। আদালতৰ এই সিদ্ধান্তৰ পৰা এতিয়া স্পষ্ট হৈ পৰিছে যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ শীঘ্ৰে ফাঁচিকাঠত ওলমাৰ সম্ভাৱনা আছে।নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে। আদালতে কয়, আটাইকেইজন দোষীৰ বেলেগে বেলেগে ফাঁচি হ’ব নোৱাৰে।পাটিয়ালা হাউ ক’ৰ্টৰ সিদ্ধান্তক সঠিক হিচাপে মানি লৈ সকলো দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰে উচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰে হাইক’ৰ্টত আবেদন জনাই কৈছিল যে আটাইকেইজন দোষীক পৃথকে পৃথকে ফাঁচি দিয়া উচিত। যিকেইজনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিয়ে নাকচ কৰিছে তেওঁলোকক ফাঁচি দিব লাগে।”

About Staff Reporter

চাব পাৰে

তাজমহল চাবলৈ যাওঁতে ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী*

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা ড’নাল্ড ট্ৰাম্প আৰু পৰিয়ালে তাজমহল …

Leave a Reply

Your email address will not be published. Required fields are marked *