Friday , April 3 2020
শেহতীয়া খবৰ
Home / মহানগৰ / নুনমাটি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

নুনমাটি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ ১৩ ফেব্ৰুৱাৰী : নুনমাটি সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিবেশন খন ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে চেক্টৰৱান স্থিত নুনমাটি পাব্লিক স্কুলত অনুষ্ঠিত হ’ব । এই উপলক্ষে গোপাল নগৰ উন্নয়ন সমিতিৰ কাৰ্যালয়ত নুনমাটি সাহিত্য সভাৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ সভাপতি নৃপেন্দ্ৰ নাথ কাকতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত উপদেষ্টা মণ্ডলী আৰু বিভিন্ন বক্তাৰ বক্তব্যৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অভিবৰ্ত নত মুখপত্ৰ “সেতু”উন্মোচন কৰা হ’ব। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি, সম্পাদকক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত এই সভাত গ্ৰহণ কৰা হয়। এই অধিবেশন খনৰ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি সভাৰ সম্পাদক হৰমোহন কলিতাই এক বিবৃতি যোগে কামনা কৰিছে।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্হাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ দান

  ষ্টাফৰিপোৰ্টাৰ, ৩০ মাৰ্চ :: সাম্প্ৰতিক সময়ত চলি থকা কৰ’না মহামাৰী বিশ্বব্যাপি চলি থকা ভয়াবহতাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *