Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নেমকেয়াৰ হাস্পতালত বাৰ্ণ নাৰ্ছিং পাঠ্যক্ৰম

নেমকেয়াৰ হাস্পতালত বাৰ্ণ নাৰ্ছিং পাঠ্যক্ৰম

 

ষ্টাফ ৰিপোৰ্টাৰ।।।। ১৩ মে।। বিশ্বজুৰি জুয়ে পুৰা ঘটনা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে। তথ্যানুসৰি প্ৰত্যেক বছৰে সমগ্ৰ বিশ্বত প্ৰায় সাত নিযুত লোক ইয়াৰ চিকাৰ হয়। প্ৰায় এক লাখ লোকৰ ইয়াৰ ফলত মৃত্যুও ঘটে। ইয়াৰ প্ৰতি লক্ষ ৰাখি নেমকেয়াৰ হাস্পতালৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেচন চমুকৈ বি চি এফে উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ লোকসকলৰ বাবে বেশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ইয়াৰ বাৰ্ণ -নাৰ্ছিঙৰ ওপৰত এক সাপ্তাহিক পাঠ্যক্ৰম মুকলি কৰা হয়।এই পাঠ্যক্ৰমৰ অধীনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। সোমবাৰে নেমকেয়াৰ হাস্পতালত অনুষ্ঠিত এখন সংবামেলত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে হাস্পতালখনৰ কৰ্তৃপক্ষই। মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ বি পি শৰ্মা, অসম দক্ষতা উন্নয়ন অভিযানৰ বিষয়া হানিফ নুৰানি, নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱা, বিশিষ্ট চিকিৎসক মিহিৰ কুমাৰ বৰুৱা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে। এই অনুষ্ঠানতে কেইবাগৰাকীও শিক্ষাৰ্থীক নেমকেয়াৰ হাস্পতালৰ নিযুক্তিপত্ৰ বিতৰণ কৰা হয়।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *