Monday , August 26 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ আগষ্ট।।। নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট(এন ই এফ আই) প্ৰতিষ্ঠানটো সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ এলুমনী হাউচত শুভ উদ্বোধন কৰা হয়। এই প্ৰতিষ্ঠাটো শুভাৰম্ভ কৰে বলিউডৰ বিশিষ্ট অভিনেতা, পৰিচালক, তথা লেখক ড০ ৰাকেশ বেদীয়ে। মুকলি অনুষ্ঠানত তেওঁ কয়-” প্ৰতিভা সকলোৰে থাকে কিন্তু নিজৰ প্রতিভাখিনিক উলিয়াই দিয়া আৰু বিকাশ কৰাৰ বাবে এখন মঞ্চৰ প্ৰয়োজন হয়। মুম্বাইত ভাল কাম কৰি প্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে ভাল প্ৰতিষ্ঠান এখনৰ পৰা শিক্ষাগ্ৰহন কৰিবই লাগিব। পৰিশ্ৰম নকৰিলে ভালকৈ শিক্ষাগ্ৰহণ নকৰিলে জীৱনত কেতিয়াও আগবাঢ়ি যাব নোৱাৰি। পৰিশ্ৰমেই সফলতাৰ চাবিকাঠি।’ আনহাতে, নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়”-মই ইয়াত ২ আৰু ৩ আগষ্টত এখন কৰ্মশালাত মুখ্য অতিথি ৰূপে উপস্থিত আছিলোঁ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ল’ৰা- ছোৱালী সকলৰ বহুত প্ৰতিভা আছে আৰু এই ইনষ্টিটিউটৰ পৰা আমি আগলৈকে অভিনেতা,অভিনেত্ৰী, পৰিচালন, প্ৰযোজক পাম বুলি আশা কৰিলো”। আনহাতে,অনুষ্ঠানত ইনষ্টিটিউট খনৰ প্ৰতিষ্ঠাপক শ্বাহনাৱাজ ৰহমানে কয়”- আমাৰ ইনষ্টিটিউটত অসমৰ লগতে কলকাতা, হায়দৰাবাদ, চেন্নাই নুম্বাইৰ ফেকাল্টি আহিও ইয়াতে শিক্ষা দান কৰিব। অভিনয়, পৰিচালক, মিউজিক আৰু অডিও প্ৰডাকচন, আদিকে ধৰি কেইবাটাও বিষয়ত চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছো আমি এই ইনষ্টিটিউটত”। সাংবাদমেলত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

গ্ৰাম্য জীৱনৰ কাহিনীৰে আহি আছে চুটি ছবি “মই ভাগৰা নাই”

  ষ্টাফ ৰিপোৰ্টাৰ,,,,।।। ১৭ জুন, গ্ৰাম্য জীৱনৰ এক সংগ্ৰামৰ কাহিনীৰে ভৰপূৰ ইউটিউব চেনেল” পেৰেডাইজ থ্ৰী …

Leave a Reply

Your email address will not be published. Required fields are marked *