Wednesday , March 20 2019
Home / ৰাজনীতি / নৱবৰ্ষত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

নৱবৰ্ষত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

 

.

ষ্টাফৰিপৰ্টাৰ, ১ জানুৱাৰী, নৱবৰ্ষত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। ২০১৯ বৰ্ষত প্ৰধানমন্ত্ৰীৰ প্ৰথমটো সাক্ষাৎকাৰ। নতুন বছৰত নতুন সংকল্পৰে আগবঢ়াৰ ইচ্ছা প্ৰকাশ প্ৰধানমন্ত্ৰী গৰাকীৰ। প্ৰধান মন্ত্ৰী মোদীয়ে কয় – “জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতাক লৈ বিশ্বই চৰ্চা কৰে আৰু কেতিয়াবা ইয়াৰ বাবে ভাৰতক দোষী সাব্যস্তও কৰিছিল। কিন্তু ২০১৮ চনত ৰাষ্ট্ৰসংঘই ভাৰতলৈ আগবঢ়াইছে ‘চেম্পিয়ন অৱ আৰ্থ’ পুৰস্কাৰ। এয়া সফলতা নহয় যদি কি হ’ব পাৰে। ২০১৮ বৰ্ষত সকলো গাঁৱলৈ বিজুলি যোগান ধৰা হৈছে। ক্ৰীড়াক্ষেত্ৰত ভাৰত সন্তানে দেশৰ নাম উজলাইছে।

দেশবাসীৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে। ৫ বছৰ আগতে বাতৰি কাকতৰ শিৰোনাম আছিল, এতিয়া বাতৰি কাকতৰ শিৰোনাম কি হৈছে? – নৱবৰ্ষৰ প্ৰথমটো সাক্ষাৎকাৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। ২০১৮ বৰ্ষটো ভাৰতৰ বাবে উজ্জ্বল বৰ্ষ আছিল বুলিও মন্তব্য প্ৰধানমন্ত্ৰীৰ। ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ মোদীয়ে কয় – “তেলেংগানা আৰু মিজোৰামত বিজেপিৰ কোনো চৰ্চাই নাছিল। ছত্তীশগড়ত স্পষ্ট ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ পৰাজয় হৈছে। কিন্তু মধ্য প্ৰদেশ, ৰাজস্থানত সংখ্যাগৰিষ্ঠ দল নাই।”

বিৰোধীক চোকা সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক, জাতিবাদ, বংশবাদৰ ৰাজনীতি কৰে। গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱাটো প্ৰয়োজন, কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছে সেই কাম কৰাত বিফল হৈছে। এইখন চৰকাৰে এনেকুৱা কি কাম কৰিছে যাৰ বাবে ২০১৯ত জনতাই চৰকাৰক প্ৰত্যাখান কৰিব বুলিও প্ৰশ্ন উত্থাপন। যিসকলে ভাৱে বিজেপি মোদী–অমিত শ্বাহৰ মতে চলে, সেইসকলে ভাৰতীয় জনতা পাৰ্টীক নাজানেই বুলিও মন্তব্য মোদীৰ। বিজেপিয়ে যিমান বিকাশমূলক কাম কৰিছে তাক কোনেও নুই কৰিব নোৱাৰে বুলিও নৱবৰ্ষৰ প্ৰথমটো সাক্ষাৎকাৰত কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বিমুদ্ৰাকৰণ দেশৰ বাবে অতি প্ৰয়োজনীয় আছিল। অনাগত দিনত বিমুদ্ৰাকৰণে আৰ্থিকভাৱে দেশক মজবুত কৰিব। ২০১৯ৰ প্ৰথমটো সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিমুদ্ৰাকৰণ একেনিশাতে হোৱা প্ৰক্ৰিয়া নাছিল। এবছৰৰ দীঘলীয়া পৰিক্ৰমাৰে সম্ভৱ হৈছিল বিমুদ্ৰাকৰণ। ক’লা ধন ৰখাসকলক আমি সকীয়াই দিছিলো। সমান্তৰাল অৰ্থনীতিয়ে দেশক ফোঁপোলা কৰিছে বুলিও মন্তব্য মোদীৰ। ৫ বছৰৰ বিকাশৰ বাবেই মোদীৰ ওপৰত জনতাই ভৰসা ৰাখিছে। ‍

২০১৯ৰ লোকসভা নিৰ্বাচন জনসাধাৰণৰ আশা–আকাংক্ষাৰ নিৰ্বাচন। জনতাই এই নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা ল’ব। নতুন বছৰৰ প্ৰথমটো সাক্ষাৎকাৰত মন্তব্য প্ৰধানমন্ত্ৰীৰ। মই সদায় সততাৰ পথেৰে আগবাঢ়িম বুলিও মন্তব্য মোদীৰ। ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ মোদীয়ে কয় – “ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ সন্দেহ কৰাটো দুৰ্ভাগ্যজনক। ছাৰ্জিকেল ষ্ট্ৰাইকৰ ৰাজনীতিকৰণ হোৱাটো অনুচিত। এখন যুদ্ধৰে পাকিস্তানক শুধৰাব পৰা নাযাব বুলিও সাক্ষাৎকাৰত মন্তব্য মোদীৰ। তিনি তালাক বিধেয়কক লৈ মোদীয়ে কয় যে বিশ্বৰ বহু ইছলামিক দেশত তিনি তালাক প্ৰথা নিষিদ্ধ। আনকি পাকিস্তানতো নিষিদ্ধ তিনি তালাক।‍

জি এছ টি সকলো ৰাজনৈতিক দলৰ সৰ্বসন্মতিক্ৰমে হৈছিল। দেশৰ সুস্থিৰ অৰ্থনৈতিক ব্যৱস্থাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল। আজি ৫০০তকৈ অধিক সামগ্ৰী কৰমুক্ত হৈছে। নৱবৰ্ষৰ প্ৰথমটো সাক্ষাৎকাৰত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। মধ্যবিত্তৰ বাবে চিন্তা কৰাটো আমাৰ চৰকাৰৰ দায়িত্ব। কংগ্ৰেছক সমালোচনা কৰি মোদীয়ে কয় – কংগ্ৰেছে জনতাক মিছা কৈ বিভ্ৰান্ত কৰিছে। ৩ লাখ কোটি টকা আমাৰ দিনত ভাৰতলৈ ঘূৰি আহিছে। কৃষকসকলক শক্তিশালী কৰাটো প্ৰয়োজন আৰু কৃষকৰ সমস্যা সমাধানৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। ৰাম মন্দিৰক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় – “সংবিধানৰ আওঁতাত অযোধ্যা বিবাদৰ সমাধান।”

About Staff Reporter

চাব পাৰে

উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

  ষ্টাফৰিপৰ্টাৰ, উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষনা কৰা হৈছে। পূব অৰুণাচলত জেমছ ৱাংলাটক …

Leave a Reply

Your email address will not be published. Required fields are marked *