Sunday , January 26 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ

পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ

 

ষ্টাফৰিপৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী, পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ।
তামুলপুৰৰ কলবাৰীৰ বাসগৃহৰ সমীপত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য। শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পুত্ৰই কৰিলে মুখাগ্নি। শেষকৃত্যৰ পূৰ্বে বীৰ শ্বহীদজনক শেষ শ্ৰদ্ধাঞ্জলি জনালে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ লগতে অঞ্চলটোৰ অগণন লোকে। বায়ুসেনাৰ বিশেষ বিমানেৰে নশ্বৰদেহ গুৱাহাটীলৈ অনাৰ পিছত হেলিকপ্টাৰেৰে নিয়া হয় তামুলপুৰলৈ। অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে অশ্ৰুসিক্ত নয়নেৰে শেষবিদায় জনালে বীৰ শ্বহীদজনক। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল চি আৰ পি এফৰ জোৱানজন।

About Staff Reporter

চাব পাৰে

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *