Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পঞ্চভূতত বিলীন হ’ল কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ

পঞ্চভূতত বিলীন হ’ল কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ

 

ষ্টাফৰিপৰ্টাৰ, ২২ ডিচেম্বৰ, পঞ্চভূতত বিলীন হ’ল কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ নশ্বৰদেহ। ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ল দীপালী বৰঠাকুৰৰ। আদৰৰ কণ্ঠশিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ নৱগ্ৰহ শ্মশানত ভিৰ কৰে অজস্ৰ গুণমুগ্ধই। অশ্ৰুসিক্ত নয়নেৰে আপোন শিল্পীগৰাকীক চিৰবিদায় জনায়। নৱগ্ৰহলৈ নশ্বৰদেহ অনাৰ পূৰ্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰ, ৰবীন্দ্ৰ ভৱন, সাহিত্য সভাৰ কাৰ্যালয়, শ্বহীদ ন্যাসত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অগণন গুণমুগ্ধই। শুকুৰবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দীপালী বৰঠাকুৰে।

আজি নীলপৱন বৰুৱাৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৌৰভ নগৰৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *