Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৰ্ট্ৰদ্ৰৱা সমষ্টিত আধাৰশিলা স্হাপনৰে চমক সৃষ্টি কৰা আঙুৰলতা ডেকাৰ কামক লৈ প্ৰতিক্ৰিয়া স্হানীয় ৰাইজ##

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বৰ্ট্ৰদ্ৰৱা সমষ্টিত আধাৰশিলা স্হাপনৰে চমক সৃষ্টি কৰা আঙুৰলতা ডেকাৰ কামক লৈ প্ৰতিক্ৰিয়া স্হানীয় ৰাইজ##

ডেৰ – দুই  বছৰ পূৰ্বে বিধায়িকা গৰাকীয়ে সমষ্টিত   আধাৰশিলা স্হাপন কৰা কেইবাটাও পথত আজিকোপতি নপৰিল এটাও শিলগুটি##

নগাঁও/বেবেজীয়া:৯ নবেম্বৰ:পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা ৰাজনীতিৰে বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিলেও বিধায়িকা গৰাকীৰ চমক সৃষ্টিৰ প্ৰয়াসে সমষ্টিত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে।কিয়নো ২০১৬ চনত অভিনয় জগত এৰি একে কোবে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি বিধায়িকা হোৱা আঙুৰলতাই ২০১৬-১৭ বৰ্ষত সমষ্টিটোৰ বাটপথ উন্নয়ণৰ বাবে মহাত্মা গান্ধী এনৰেগা আচনিৰ অধীনত একেদিনাই ৪৫ টাতকৈও অধিক পথৰ আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰিছিল যদিও প্ৰায়বোৰ পথৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে।ফলত সমষ্টিটোত চমক সৃষ্টিকাৰী বিধায়িকা হিচাপে চৰ্চিত হোৱা আঙুৰলতা ডেকাই স্থাপন কৰা শেহতীয়া আধাৰশিলাক লৈও ৰাইজ।সন্তুষ্ট হব পৰা নাই ।আজিৰ পৰা কেইদিনমান পূৰ্বে গড়কাপ্তানী বিভাগৰ পুঁজিৰে বিধায়িকা গৰাকীয়ে ২০ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিছিল।সমষ্টিটোত ৭০ কিলোমিটাৰতকৈ অধিক পথ স্কুটী চলাই বিধায়িকাগৰাকীয়ে পথ সমূহৰ আধাৰশিলা স্থাপন কৰি আন এক চমক সৃষ্টি কৰিছিল।আমাৰ হাতত থকা তথ্যমতে ২০১৬-১৭ বৰ্ষত বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই মহাত্মা গান্ধী এনৰেগা আচনিৰ অধীনত নজিৰ বিহীন ৰূপে ৪৫ টাতকৈও অধিক পথৰ আধাৰশিলা স্থাপন কৰিছিল।কিন্তু ইয়াৰে অধিকাংশ পথৰে নিৰ্মাণ কাৰ্য আজি দুবছৰৰ পিচতো অসম্পূৰ্ণ হৈ থকাৰ লগতে কিছুমান পথৰ নিৰ্মাণ কাৰ্যই সম্পূৰ্ণ নহল।সমষ্টিটোৰ দলংঘাট উন্নয়ণ খণ্ডৰ অন্তৰ্গত কুঁজীডাহ-জামগুৰি গাঁও পঞ্চায়তৰ জাজৰি গড়কাপ্তানি পথৰ পৰা হাতীচোং মহাবিদ্যালয়লৈ ৫০০ মিটাৰ পথ চি চি ব্লক বহোৱাৰ নামত ২৩.৬৪ লাখ টকা আবন্টন দি ২০১৬ চনৰ ৯ ডিচেম্বৰত বিধায়িকা গৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল যদিও ১০০ মিটাৰ পথটোতহে চি চি ব্লক বহোৱা হয়।বাকী ৪০০ মিটাৰ পথত চি চি ব্লক বহোৱা নহল।একেটা পঞ্চায়তৰে জামুগুৰি বিশ্ব বেংকৰ পুঁজিৰ দ্বাৰা দ্বাৰা নিৰ্মিত পথৰ পৰা কুৰুৱাবাহী-মৰিগাঁও পথলৈ ৩০০ মিটাৰৰ বাবে ১৩ লাখ টকা আবন্টন দি একেদিনাই আধাৰশিলা স্থাপন কৰিছিল যদিও চি চি ব্লকটো বাদেই পথটোত এচোৰাও মাটি নপৰিল।ইপিনে সমষ্টিটোৰ নিজ হাতীচোং গাঁও পঞ্চায়তৰ পৰা এম ভি স্কুললৈ ১২০ মিটাৰ পথৰ বাবে ২০১৬-১৭ বৰ্ষত ৬ লাখ টকা আবন্টন দি  ২০১৬ চনৰ ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল।কিন্তু পথটোৰ নিৰ্মাণ কাৰ্য নহল।একেদৰে ক্ষেত্ৰী গাঁও তিনি আলিৰ পৰা গৰীয়া পুখুৰীলৈ ৫০০ মিটাৰ পথৰ বাবে ২০১৬-১৭ বৰ্ষত এম জি এনৰেগা আচনিৰ অধীনত ১৭.৩৪ লাখ টকা আবন্টন দি ২০১৬ বৰ্ষতে ১১ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰিছিল যদিও পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহল।এনেদৰে বিধায়িকা গৰাকীয়ে আধাৰশিলাৰ ৰাজনীতিহে কৰিলে যদিও পথসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল।ইপিনে বট্টদ্ৰৱা বিধান সভা সমষ্টিৰে হালধি আটি গাঁও আৰু বৰহুলুংগাঁও সংযোগী এখন কাঠৰ দলং বিগত বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে।সোণাই নৈৰ ওপৰত থকা পাঘালী গাঁও পঞ্চায়তৰ এই দলং খনৰ কাঠৰ ৰেলিঙৰ লগতে তলৰ কাঠো এৰি যোৱাত গঞাই বাঁহৰে ৰেলিং দি লোৱাৰ লগতে তলৰ অংশটো বাঁহৰে মেৰামতিৰে চাং দি মেৰামতি কৰি লৈছে।উল্লেখ্য,যোৱা এটা মাহৰ ভিতৰত বট্টদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ৪০ টাৰো অধিক আধাৰশিলা স্থাপন কৰি চমক দিছিল।কিন্তু পূৰ্বৰ উদাহৰণে উন্মোচিত কৰামতে বিধায়িকা গৰাকীয়ে ৰাইজক আকৰ্ষিত কৰিবলৈ স্থাপন কৰা আধাৰশিলা সমূহ বছৰ বছৰ ধৰি আধাৰশিলাই হৈ থাকে।কাৰ্যত পৰিনত নহয়।তদুপৰি বটাদ্ৰৱা সমষ্টিৰ বহু পথ দলঙৰ দুৰাৱস্থাই সমষ্টিটোৰ ৰাইজক ক্ষোভিত কৰি তুলিছে।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *