Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / Business / পতঞ্জলি বিপনন বিভাগত শীঘ্ৰে চেলছমেন নিযুক্তি।।।।

পতঞ্জলি বিপনন বিভাগত শীঘ্ৰে চেলছমেন নিযুক্তি।।।।

পতঞ্জলি বিপনন বিভাগত শীঘ্ৰে চেলছমেন নিযুক্তি।।।।

গুৱাহাটীৰ প্ৰতিবেদক,,, 16 জুন, যোগ আয়ুৰ্বেদৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে যোগঋষি স্বামী ৰামদেৱজীৰ নেতৃত্বত পতঞ্জলি যোগপীঠৰ লক্ষাধিক অধিক কাৰ্যকৰ্তাই অহৰ্নিশে কাম কৰি আছে। আজি কোটি কোটি ভাৰতীয়ই যোগ আধ্যাত্মৰে নতুন এখন ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি গঢ়িছে আৰু নতুন প্ৰজন্মক সুন্দৰ ভৱিষ্যতৰ নেতৃত্ লব পৰাকৈ নিৰ্মাণ কৰিছে।
সমগ্ৰ পৃথিৱীত যোগৰ দ্বাৰা ভাৰতীয় সংস্কৃতিৰ জয়যাত্ৰা আৰম্ভ হৈছে। অহা 21 জুনত পূৰ্বৰ দৰেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পতঞ্জলি যোগপীঠে চৰকাৰ তথা আন সংস্থাৰ সৈতে একেলগে মহা সমাৰোহেৰে আয়োজন কৰিব। অসমত আমি প্ৰত্যেক গাঁও চহৰতে অনুষ্ঠিত কৰাৰ লগতে নগাঁওত কেন্দ্ৰীয় অনুষ্ঠানত সহযোগ কৰিছো।
স্বদেশ স্বাভিমান ৰক্ষাৰ আন্দোলনত অংশ হিচাপে পতঞ্জলি যোগপীঠে স্বাৱলম্বন অভিযান চলাই স্বদেশৰ ধন স্বদেশত ৰখাৰ আঁচনি হাতত লৈ কৃতকাৰ্য হৈছে। আজি ভাৰতবর্ষত উদ্যোগ স্থাপনৰ
জৰিয়তে বিদেশলৈ ধন প্ৰবাহৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ লগতে স্থানীয় লোকক সংস্থাপন দিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সাতটা প্ৰকল্প তথা 11 খন শিক্ষানুষ্ঠান স্থাপনৰ কাৰ্য আৰম্ভ হৈছে। বিটিএডি এলেকা, নলবাৰী, বিশ্বনাথ , গোলাঘাট, কাৰ্বিআংলং, শোণিতপুৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ, মণিপুৰতো শিক্ষানুস্থান প্ৰসাৰৰ জৰিয়তে আধ্যাত্মবাদ প্ৰতিষ্ঠা কৰিব বিচৰা হৈছে আৰু কৰ্ম সংস্থাপনৰ বাট মুকলি হৈছে। এইবিলাকত 95 শতাংশই স্থানীয় লোকে সংস্থাপনৰ সুবিধা লাভ কৰিছে। অহা 27 জুনৰ ভিতৰত অসমৰ প্ৰত্যেক জিলাৰ পৰা পতঞ্জলি যোগপীঠে 40 জনকৈ প্ৰায় বাৰশ লোকক আৰু অহা চাৰিমাহৰ ভিতৰত অতিৰিক্ত 4 হেজাৰ লোকক নিযুক্তি দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। উল্লেখযোগ্য যে, এই সকল লোকে গাঁৱে গাঁৱে যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামো কৰিব। ইতিমধ্যে সাতটা প্ৰকল্পত প্ৰায় 150স্থানীয় লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে। যোৱা বছৰত অসমত 47 জন প্ৰচাৰক , 52 জনক যোগ শিক্ষক হিচাপে নিযুক্তি দিছে। অনাগত সময়ত অসমত 33 খন শিক্ষানুষ্ঠান স্থাপনৰ পৰিকল্পনা আৰু 15,000 হেজাৰ লোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি হৈছে। অসমৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবেও বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। অসমত বর্তমান মুঠ 1447 টা স্থা দৱৰ্তী স্থায়ী যোগ প্ৰশিক্ষন কেন্দ্ৰ আছে বুলি জানিব দিয়ে বিকাশ গোস্বামীয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *